অৱশেষত ডেৰ দিনৰ অন্তত ৰাজ্যজুৰি পুনৰ চলাচল আৰম্ভ হ’ল বেচৰকাৰী বাণিজ্যিক বাহনৰ। পৰিবহণ বিভাগৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা সদৌ অসম মটৰ পৰিবহণ সন্থাই আৰম্ভ কৰা অনিৰ্দিষ্টকালীন চকা বন্ধ কাৰ্যসূচী শুকুৰবাৰে প্ৰত্যাহাৰ কৰে।
৬ দফীয়া দাবীৰে আৰম্ভ কৰা এই আন্দোলনক লৈ বৃহস্পতিবাৰে পৰিবহণ আয়ুক্ত-সচিবৰ সৈতে দীৰ্ঘ সময় ধৰি বৈঠকত মিলিত হৈছিল সন্থাৰ নেতৃত্ব। কিন্তু সেই বৈঠকত কোনো সমাধানৰ বাট ওলোৱা নাছিল।
অৱশেষত নিশা পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে সামাজিক মাধ্যমযোগে SLD আৰু VLTDৰ ক্ষেত্ৰত ৪৫ দিনৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰাৰ পাছতে শিথিল হয় সন্থাৰ স্থিতি। শুকুৰবাৰে দিনজোৰা আলাপ-আলোচনাৰ অন্তত সন্থাই বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়।
পৰিবহণ সংগঠনসমূহে আগন্তুক ১১ ডিচেম্বৰলৈ ডেডলাইন হিচাপে ঘোষণা কৰিছে। ১১ ডিচেম্বৰৰ ভিতৰত বাকী থকা ৫টা দাবী পূৰণ নহ’লে ১৪ ডিচেম্বৰৰ পৰা পুনৰ তীব্ৰ আন্দোলনত নামিব বুলি হুংকাৰ দিছে পৰিবহণ সংগঠনে। প্ৰথমটো আন্দোলনতে চৰকাৰক সম্পূৰ্ণৰূপে সেও মনাব নোৱাৰা সংগঠনটোৰ এই দাবীয়ে ভৱিষ্যতে কেনে প্ৰভাৱ পেলায়, সেয়া সময়তহে লক্ষণীয় হ’ব।
