Saturday, November 28, 2026
Homeঅসমৰাজ্যত অনিৰ্দিষ্টকাললৈ বাহাল থাকিব চকা বন্ধ

ৰাজ্যত অনিৰ্দিষ্টকাললৈ বাহাল থাকিব চকা বন্ধ

ৰাজ্যত অনিৰ্দিষ্টকাললৈ বাহাল থাকিব সদৌ অসম মটৰ পৰিবহণ সন্থাৰ চকা বন্ধ কাৰ্যসূচী। পৰিবহণ বিভাগ আৰু মটৰ পৰিবহণ সন্থাৰ মাজত অনুষ্ঠিত আলোচনা বিফল হোৱাৰ পাছতে চকা বন্ধ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই।
চকা বন্ধৰ সমস্যা সমাধানৰ বাবে আজি দিনৰ ১ বজাত জনতা ভৱনত অনুষ্ঠিত হৈছিল গুৰুত্বপূৰ্ণ বৈঠক। পৰিবহণ আয়ুক্ত-সচিবৰ সৈতে মটৰ পৰিবহণ সন্থাৰ প্ৰতিনিধিৰ এই বৈঠক উপস্থিত থাকে।
সদৌ অসম মটৰ পৰিবহণ সন্থাৰ দাবীসমূহ আছিল-
  • কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত সকলো SLD আৰু VLTD কোম্পানীক অসমত বাহাল ৰখা।
  • প্ৰতিখন জিলাতে SLD আৰু VLTD সংস্থাপনৰ সুবিধা প্ৰদান কৰা।
  • নিজ জিলাতে গাড়ীৰ ফিটনেছ দিয়াৰ ব্যৱস্থা কৰা।
  • ই-চালানসমূহ ন্যায়ালয়ৰ জৰিয়তে পৰিশোধ কৰাৰ ব্যৱস্থা কৰা।
  • এই ব্যৱস্থা নোহোৱালৈ ফিটনেছ, পাৰ্মিট আৰু প্ৰদূষণ প্ৰমাণপত্ৰ নবীকৰণত যাতে অসুবিধা নহয়, তাৰ ব্যৱস্থা কৰা।
  • যাত্ৰীবাহী বাহনৰ ভাৰা বৃদ্ধি কৰা।
  • চৰকাৰৰ পৰা পাবলগীয়া অনাদায় ধন শীঘ্ৰে আদায় দিয়াৰ ব্যৱস্থা কৰা।
  • ২০ বছৰ পুৰণি গাড়ী স্ক্ৰেপ কৰাৰ ক্ষেত্ৰত স্পষ্ট আৰু নিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণ কৰা।
  • সদৌ অসম মটৰ পৰিবহণ সন্থাৰ দাবীসমূহ চৰকাৰে মানি নল’লে বাণিজ্যিক বাহন চলাচল বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হ’ব বুলি চৰকাৰক সকীয়াই দিছিল সংগঠনটোৱে। গাড়ীৰ গতি পৰীক্ষাৰ ক্ষেত্ৰত উপযুক্ত কাৰিকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে সন্থাই। পৰিবহণ বিভাগৰ পৰ্যাপ্ত আন্তঃগাঁথনি গঢ়ি নুঠালৈকে গাড়ীৰ মালিক আৰু চালকক হাৰাশাস্তি নকৰাৰো দাবী জনাইছিল সংগঠনটোৱে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments