কোকৰাঝাৰত অনুষ্ঠিত বিটিচিৰ কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠক ।
বিটিচি অঞ্চলৰ খাচ মাটিত বসবাস কৰি থকা লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা হ’ব।
হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত আন কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
বিটিচিৰ ভূমিহীন তথা খাচ মাটিত বসবাস কৰি থকা লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিটিচি পৰিষদীয় চৰকাৰৰ।
কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে সিদ্ধান্তৰ কথা ।
বিটিচি অঞ্চলৰ খাচ মাটিত বসবাস কৰি থকা লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা হ’ব।
অৱশ্যে, ভি.জি.আৰ (VGR) আৰু বেল্ট এণ্ড ব্লকৰ (Belt and Block) অন্তৰ্গত মাটি এই পট্টা প্ৰদান কাৰ্যসূচীৰ আওতাত নাথাকিব ।
এই আঁচনিৰ অধীনত মাটি আৱণ্টনৰ পৰিমাণ নিৰ্ধাৰণ কৰি মহিলাৰীয়ে কয় যে, গাঁও অঞ্চলত বসবাস কৰা লোকসকলক ১ বিঘাকৈ আৰু চহৰাঞ্চলত ১ পোৱাকৈ মাটিৰ পট্টা দিয়া হ’ব।
আনহাতে, খেতি মাটিৰ ক্ষেত্ৰত হিতাধিকাৰীসকলক ৭ বিঘাকৈ মাটি আৱণ্টন দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে।
সমগ্ৰ বিটিচিত এই পট্টা প্ৰদান প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ হয়তো প্ৰায় এবছৰ সময় লাগিব পাৰে যদিও এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব বুলি মন্তব্য কৰি মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে।
টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তিৰ সিদ্ধান্ত বিটিচি পৰিষদৰ; প্ৰথম পৰ্যায়ত এল.পি আৰু ইউ.পি শিক্ষকক দিয়া হ’ব নিযুক্তি ।
বিটিচি অঞ্চলৰ টেট উত্তীৰ্ণ নিবনুৱা প্ৰাৰ্থীসকলৰ বাবে এক বৃহৎ খবৰ ।
অৱশেষত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক মেধা ভিত্তিত নিযুক্তি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিটিচি পৰিষদীয় চৰকাৰে।
আজি অনুষ্ঠিত বিটিচি পৰিষদৰ কাৰ্যনিৰ্বাহক বৈঠকত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।
বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কয় যে, যোৱাকালি(২৬/১১/২৬) এছ.আই.ইউ (SIU)-ৰ পৰা অনুমোদন লাভ কৰাৰ পাছতে আজি বিটিচিত টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এই সেউজ সংকেত দিয়া হৈছে।
এই সিদ্ধান্ত অনুসৰি প্ৰথম পৰ্যায়ত নিম্ন প্ৰাথমিক (LP) আৰু উচ্চ প্ৰাথমিক (UP/ME) বিদ্যালয়ৰ শিক্ষকসকলক নিযুক্তি প্ৰদান কৰা হ’ব।
প্ৰাথমিক পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতেই পৰ্যায়ক্ৰমে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহতো শিক্ষক নিযুক্তি দিয়া হ’ব বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে জানিবলৈ দিয়ে।
তেওঁ উল্লেখ কৰে যে, ইতিমধ্যে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক পদৰ বাবে আবেদন-পত্ৰসমূহ জমা লোৱা হৈছে আৰু অতি শীঘ্ৰেই পৰ্যায়ক্ৰমে সেইসমূহৰ নিযুক্তি প্ৰক্ৰিয়া আগবঢ়োৱা হ’ব।
আনহাতে, কেৱল টেট শিক্ষকেই নহয়, বিটিচিৰ শিক্ষা আৰু স্বাস্থ্যখণ্ডত বৰ্তমানো বহু সংখ্যক পদ খালী হৈ আছে বুলি হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।
পৰিষদে অতি শীঘ্ৰেই উক্ত খালী পদসমূহ পূৰণ কৰাৰ বাবেও নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য প্ৰদান কৰে।
উল্লেখ্য যে এছ.আই.ইউৰ অনুমোদনৰ পাছতেই বিটিচিৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰাৰ লগে লগে বিটিচি অঞ্চলৰ টেট উত্তীৰ্ণসকলৰ মাজত আনন্দৰ বন্যা বৈছে।
