গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁৱত সংৰক্ষণ কৰি ৰখা এখন পুথি । পুথিখন প্ৰায় আঢ়ৈশ বছৰ পুৰণা ।
এই পুথিখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষা আৰু নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। লোক বিস্বাস অনুসৰি পুথিখনত বিভিন্ন আধ্যাত্মিক আৰু অলৌকিক শক্তি জড়িত হৈ আছে বুলি মানি লোৱা হয়। এই পুথিখন এটা কাঠৰ বাকছৰ ভিতৰত ৰখা হৈছে ।
কথিত অনুসৰি মানৰ অসম আক্ৰমণৰ সময়তে ( ১৮১৯-১৮২১) ত খনিকৰ গাঁৱৰ এজন ব্যক্তিয়ে এই পুথি সমুহ উদ্ধাৰ কৰে। মানৰ আক্ৰমনৰ সময়ৰ পৰা খনিকৰ গাঁৱত পুথিখন সংৰক্ষিত হৈ থকাৰ বাবে পুথি দুখন খনিকৰ পুথি নামেৰে জনাজাত। মন কৰিব লগীয়া কথা যে পুথি দুখনত লিখকৰ নাম উল্লেখ নাই।
খনিকৰ পুথি নামঘৰৰ সবিশেষ কবলৈ হ’লে প্ৰথম অৱস্থাত খনিকৰ গাঁৱৰ গৰুগৃহতে খনিকৰ পুথিভাগক পুজা অৰ্চনা কৰিছিল পিছলৈ পুথিভাগৰ বিষয়ে বহুলভাৱে চৰ্চিত হোৱাত পুথিখন সংৰক্ষণ কৰি ৰাখিবৰ বাবে ৰাইজৰ দান বৰঙনিৰে এটি নামঘৰ নিৰ্মানৰ ব্যৱস্থা কৰে।
লোক বিস্বাস অনুসৰি পোন প্ৰথমে এজন দুজনকৈ লোকে পুথিভাগ নিজৰ ঘৰত পাঠ কৰিবলৈ নি মনোকামনা সিদ্ধি আৰু প্ৰশান্তি লাভ কৰিছিল । এনেদৰে এই পুথি খনৰ অলৌকিক মহিমা বিয়পিবলৈ ধৰিলে ৰাইজৰ মাজত ।