Saturday, April 25, 2026
Homeঅসমকেনেকৈ দুৰ্ঘটনাত পতিত হৈছিল ‘ভাস্কৰজ্যোতি বিহু হুঁচৰি দল’ৰ বাহন?

কেনেকৈ দুৰ্ঘটনাত পতিত হৈছিল ‘ভাস্কৰজ্যোতি বিহু হুঁচৰি দল’ৰ বাহন?

অভিশপ্ত আছিল ১১ ব’হাগ। নিশা নলবাৰীৰ কেন্দুকুছিৰ পৰা বিহুৰ অনুষ্ঠান সামৰি তামুলপুৰৰ বাঙালীপাৰালৈ গৈ থকা অৱস্থাতেই দুৰ্ঘটনাত পতিত হয় এজাক সম্ভাৱনা কঢ়িয়াই নিয়া ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বাহনখন। তামুলপুৰ জিলাৰ নোৱাখাটাত বিহু দলটোৰ ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ১১গৰাকী বিহুৱা-বিহুৱতী। এই ভয়ংকৰ দুৰ্ঘটনাতেই কলিতেই মৰহি থাকিল এক সাংস্কৃতিৱান প্ৰতিভা। অসমৰ এগৰাকী জয়প্ৰিয় নাগাৰা নামৰ পাঠিকা তথা বিহুৱতী নিশামণি হালৈয়ে থিতাতেই এই দুৰ্ঘটনাত মৃত্যুক আকোৱালি লয়।

তামুলপুৰৰ গোৰেশ্বৰৰ বাসিন্দা আছিল নিশামণি হালৈ। শেষবাৰৰ বাবে নলবাৰীৰ কেন্দুকুছিৰ পায়োনিয়াৰ ইউথ ক্লাৱৰ ২০ সংখ্যক ৰঙালী বিহুত অংশগ্ৰহণ কৰিছিল নিশামণিয়ে। এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমানেও গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ICUত চিকিৎসাধীন হৈ আছে লখিমপুৰৰ কুহি বৰুৱা আৰু গোৰেশ্বৰৰ অংকিতা দাস। ইয়াৰ উপৰিও দলটোৰ কেইবাজনো সদস্য ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

প্ৰতিবছৰে নলবাৰীৰ টিহু হাৰিভাংগা কলীয়া গোসাঁই মন্দিৰৰ বাকৰিত আখৰা কৰি বিহু অনুষ্ঠানৰ বাবে ওলাই যায় দলটো। এই শোকাকুল ঘটনাই সকলোকে আবেগিক কৰি তুলিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments