Saturday, April 25, 2026
Homeঅসম‘‘আমাৰ মাইনা জনপ্ৰিয় হোৱাটো ভগৱানে সহ্য নকৰিলে, তাইক লৈ গুচি গ’ল’’

‘‘আমাৰ মাইনা জনপ্ৰিয় হোৱাটো ভগৱানে সহ্য নকৰিলে, তাইক লৈ গুচি গ’ল’’

ছজনীয়া পৰিয়ালৰ নিশামণি আছিল অন্যতম উপাৰ্জনকাৰী। প্ৰতিবেশীয়ে সদৰী কৰা অনুসৰি, অভাৱ-কষ্টৰ মাজেৰে ডাঙৰ হোৱা ছোৱালী আছিল নিশা। ককায়েক পংকজ হালৈও জড়িত সংগীত চৰ্চাৰ সৈতে। নাগাৰা নাম পৰিৱেশন কৰি লাভ কৰা ধনেৰে নিশাই ঘৰখন চোৱা-চিতা কৰিছিল। লাহে লাহে পৰিয়ালটোৰ বাবে এটি পকীঘৰৰ কাম আৰম্ভ কৰিছিল নিশামণিয়ে। কিন্তু, তামুলপুৰত সংঘটিত এই ঘটনাটোৱে থান-বান কৰিলে ঘৰখনৰ সকলো সপোন

নিশা তামুলপুৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে নিশামণি হালৈৰ। দুৰ্ঘটনাত পতিত নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দল। বিহু হুঁচৰি দলটো গৈ থকা থকা ট্ৰেভেলাৰখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন ট্ৰেইলাৰৰ। বিহু দলটোৰ অন্যতম সদস্য আছিল সকলোৰে মৰমৰ নিশামণি হালৈ প্ৰতিভাৱান নিশামণিৰ অকাল মৃত্যু শোকত ভাঙি পৰিছে অঞ্চলবাসী। নিশামণিৰ অকাল বিয়োগত নিমাওমাও পৰিস্থিতিয়ে বিৰাজ কৰিছে ককায়েকৰ বিয়াৰ ৰভাতলী। যিখনে ৰভাতলীত আজি আলহী-অতিথিয়ে খদমদম লাগি থাকিব লাগিছে, সেইখন ৰভাতলী কান্দোনৰ ৰোল। দেওবাৰে বিয়া আছিল নিশামণি হালৈৰ বৰ দেউতাকৰ পুত্ৰ শংকৰ ডেকাৰ। বিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছিল নিশামণিৰ পৰিয়ালত। শুকুৰবাৰেই বিয়াৰ জোৰণ দি আহিছিল পৰিয়ালৰ লোকে। কিন্তু নিশামণিৰ অকাল মৃত্যুৰ পিছতে এতিয়া স্থগিত হৈ ৰ’ল বিয়া

তামুলপুৰ-নাগ্ৰীজুলি পথৰ নোৱাখাটত সংঘটিত হয় ৰাজ্য কঁপাই যোৱা এই মৰ্মান্তিক দুৰ্ঘটনাটো। এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন ১১গৰাকী বিহুৱা-বিহুৱতী শুকুৰবাৰে নিশা প্ৰথমে পাঠশালাত অনুষ্ঠান পৰিৱেশন কৰিছিল ভাস্কৰজ্যোতি বিহু হুঁচৰি দলটোৱে, তাৰ পাছত নলবাৰীৰ কেন্দুকুছিত অনুষ্ঠান কৰিছিল দলটোৱে। নলবাৰীৰ পৰা তামুলপুৰৰ বাঙালীপাৰালৈ বিহু পৰিৱেশন কৰিবলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো

দুখে-শোকে ৰমেন হালৈয়ে আজি ভাগ্যক ধিয়াইছে! তেওঁ কৈ গৈছে, ‘‘আমাৰ মাইনা জনপ্ৰিয় হোৱাটো ভগৱানে সহ্য নকৰিলে, তাইক লৈ গুচি গ’ল। মই এটা নাম লিখি দিছিলোঁ তাইক, সেইটোও তাই আওৰাইছিল। স্মৃতিশক্তি ভাল আছিল তাইৰ। খুব মৰমৰ আছিল তাই আমাৰ। মই কালি কৰ্মসূত্ৰে সুৱাগপুৰত আছিলোঁ। নিশা ১.৩০মান বজাত গম পালোঁ। তাইৰ ককায়েক, মোৰ ল’ৰা পংকজ প্ৰতিম হালৈও গানৰ সৈতে জড়িত। সি থিয়েটাৰতো আছিল। মোৰ দেউতা-মাও নামধৰ্মৰ সৈতে জড়িত আছিল। আমি ঘৰখনেই সংস্কৃতিৰ সৈতে জড়িত। কালি ৰাতি ডেৰটামান বজাত খবৰটো দি ল’ৰাটোৱে ফোন কৰি ক’লে, যেনেকৈ আছা তেনেকৈ যা। তামুলপুৰ মেডিকেল কলেজত ৰাখিছিল সিহঁতক। মই টেণ্ট হাউছৰ কাম কৰি আছিলোঁ। বিহুৰ কাম চলি আছিল। আধাতে কাম এৰি গৈছিলোঁ। মই গ’লো, কথা পাতিব খুজিলোঁ। মেডিকেলত মোক কথা পাতিব নিদিয়ে। এজনক ক’লো- বাবু তই মোৰ মূৰত হাত থৈ কচোন আমাৰ মুনু আছেনে নাই? সি ক’ব নোৱাৰিলে। মূৰটো লৰাই দিছে। তাৰ পাছত আৰু মই কাক কি ক’ম? মই শেষ হৈ গ’লো!’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments