Wednesday, March 11, 2026
Homeঅসমহত্যাৰ অভিযুক্ত ৮ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

হত্যাৰ অভিযুক্ত ৮ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

দুলাল কলিতা, বিলাসীপাৰা: ধুবুৰী জিলাৰ বিলাসীপাৰাত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান ।
হত্যাৰ অভিযুক্ত ৮ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ।১০বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা আব্দুল হামিদৰ পৰিয়ালে ।

উল্লেখ্য যে বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত বাঙালী পাৰাৰ টুলুপাৰাত বিগত ২০১৩ চনৰ সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা । বাঙালী পাৰাৰ পৰা দোকান বন্ধ কৰি ঘৰলৈ উভতি যোৱাৰ পথত দলবদ্ধ আক্ৰমণৰ সন্মুখীন হৈছিল। পিছত গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু বৰণ কৰে।

ঘটনা সন্দৰ্ভত আব্দুল হামিদৰ পৰিয়ালৰ লোকে বিলাসীপাৰা আৰক্ষী থানাত ৫৫৮/১৩ নম্বৰত ৰুজু কৰিছিল গোচৰ । বিলাসীপাৰা মহকুমা আদালতত ছেচন কেচ নম্বৰ ৭৪/১৫ মতে ন্যায়াধীশে শুনানী গ্ৰহন কৰি আজি চূড়ান্ত ৰায়দান প্ৰদান কৰে ।

বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতীয়াৰ বিচাৰপীঠে হত্যাকাণ্ডৰ অভিযুক্ত ক্ৰমে আজাদ আলী, ৰহিমুল ইছলাম, ৰমজান আলী, আবুল হুছেইন, নৰুল হ’ক,আখতাৰ হুছেইন, মতিয়ৰ ৰহমান আৰু আতোৱাৰ হুছেইনক ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩ট১৪৭/১৪৮/১৪৯/৩৪১/৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড বিহি ৰায়দান কৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments