ৰাজ্যবাসীৰ বাবে ঐতিহাসিক ক্ষণ।বটদ্ৰৱা প্ৰকল্প মুকলি কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে।দিহা নামেৰে প্ৰকল্পস্থলীলৈ আদৰা হয় গৃহমন্ত্ৰীগৰাকীক।উপস্থিত আছে ১৫০গৰাকী সত্ৰাধিকাৰ, ৬০ হাজাৰ ভকত-বৈষ্ণৱ।কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰণি বটদ্ৰৱাবাসীৰ।
২২৭ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা প্ৰকল্প। ‘শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ’ মুকলি কৰি ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে অমিত শ্বাহে।
প্ৰকল্প আছে গুৰু আসন, মণিকাঞ্চন নামঘৰ, দুটা জলপান ঘৰ, প্ৰশাসনিক ভৱন, যাত্ৰী নিৱাস, এটি দক্ষতা বিকাশ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ, মূল প্ৰৱেশদ্বাৰ, চাৰিসীমাৰ দেৱাল, কলাকেন্দ্ৰ, মিউজিকেল ফাউণ্টেইন আৰু লেজাৰ শ্ব’, কৃষ্ণলীলা, নাটঘৰ, ১০টা জনগোষ্ঠীয় কুটিৰ আৰু স্বাস্থ্য কেন্দ্ৰ। বিষ্ণুৰ দশৱতাৰো বিৰাজমান হৈছে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা ‘শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ’।
‘শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ’ মুকলি কৰা লগতে পৰিদৰ্শনো কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। গৃহমন্ত্ৰীগৰাকীৰ সন্মুখত শতাধিক ঢুলীয়া, খোল বাদক, সত্ৰীয়া নৃত্যশিল্পীয়ে আদৰণি জনাই অমিত শ্বাহক। ভকত-বৈষ্ণৱ, আয়তী-নামতিৰ নামতো অংশ গ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহ সৈতে নাম-কীৰ্তনত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে।
