Sunday, April 26, 2026
Homeঅসম‘দেহত শক্তি থকা লৈকে মিঞাৰ বিৰুদ্ধে যুঁজি যাম’

‘দেহত শক্তি থকা লৈকে মিঞাৰ বিৰুদ্ধে যুঁজি যাম’

‘‘মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো, ৰসময় মাগোহো ভকতি’’ নামঘোষাৰে ভাষণ আৰম্ভ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই।ভাষণত মুখ্যমন্ত্ৰীয়ে কয়ে ‘‘বটদ্ৰৱাৰ মাটি দখল কৰি আছিল অচিনাকি লোকে। অচিনাকি লোকক আমি উচ্ছেদ কৰিছিলোঁ। আৰ্বিভাৱ ক্ষেত্ৰত শংকৰদেৱৰ দৰ্শন আলোচনা কৰিম। গুৰু দুজনাৰ সৃষ্টিৰাজী শ্ৰীমন্ত শংকৰদেৱ আৰ্ৱিভাৱ ক্ষেত্ৰত আলোচনা কৰা হ’ব। আমাৰ গুৰু শংকৰদেৱ আৰু মাধৱদেৱ আছিল। আমাৰ গুৰু শংকৰদেৱ, আজান ফকীৰ হ’ব নোৱাৰে।’’

‘‘সূৰ্য চন্দ্ৰ থকালৈকে গুৰু দুজনা জীয়াই থাকিব। প্ৰধানমন্ত্ৰীৰ নেতৃত্ৱত অসমত বিকাশৰ গংগা বৈ আহিছে। জাতিৰ পৰিচয় নাথাকিলে বিকাশৰ মূল্য নাথাকে। আমি ১লাখ ৪৫ বিঘা মাটি বেদখল মুক্ত কৰিছোঁ। দেহত শক্তি থকালৈকে অচিনাকি লোকক শান্তি থাকিবলৈ নিদিওঁ।’’

মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ নিদিব। অচিনাকি লোকক মাটি বিক্ৰী নকৰিব।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments