ডিজিটেল ডেস্ক, ANEWS24X7: মেক্সিকত বন্দুকধাৰী দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণ ৷ মেক্সিকৰ চিটি হলত আক্ৰমণকাৰীৰ নিৰ্বিচাৰ গুলীচালনাৰ ফলত মেয়ৰ সহ ১৮ জন লোক নিহত হৈছে ৷
এই আক্ৰমণত নিহত হৈছে চহৰখনৰ মেয়ৰ গৰাকীও৷বুধবাৰে মেয়ৰ কানৰাডো মেণ্ডোজা আৰু তেওৰ পিতৃ প্ৰাক্তন মেয়ৰ জুয়ান মেণ্ডোজাই দক্ষিণ চান মিণ্ডাৱেল টোটোলাপান চহৰৰ চিচি হলত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত এই ঘটনা সংঘটিত হৈছিল ৷
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বন্দুকধাৰীৰ আক্ৰমণত তেওঁলোক দুয়োগৰাকী গুলীবিদ্ধ হৈছিল।ইয়াৰ পিছতে তেওঁলোক দুয়োজনৰ মৃত্যু হ’ল।এই আক্ৰমণত নিহত হোৱা সকলৰ বেছিভাগেই চৰকাৰী কৰ্মচাৰী আছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, অনুষ্ঠানটোৰ সময়ত মুখা পিন্ধা মাফিয়াৰ এটা দলে দুখন চাৰিচকীয়া বাহনত আহি হলত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰিছিল ।
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এই আক্ৰমণৰ আঁৰত লছ টেকুইলেৰোৰ মাফিয়াৰ নাম পোহৰলৈ আহিছে । ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ এটৰ্নি জেনেৰেল চেন্দ্ৰা লুজ ভালডোভিনোছে কয় যে, ‘‘ ঘটনাটোত ১৮ জন লোক নিহত হৈছিল। দুজন লোক গুৰুতৰভাৱে আহত হৈছিল।’’