Tuesday, March 10, 2026
Homeগুৱাহাটীবামুণীমৈদামৰ ৰে’লৱে কলনীৰ নৃশংস হত্যাকাণ্ডৰ ৮ অভিযুক্তক গ্ৰেপ্তাৰ

বামুণীমৈদামৰ ৰে’লৱে কলনীৰ নৃশংস হত্যাকাণ্ডৰ ৮ অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ বামুনীমৈদামৰ ৰে’লৱে’ কলনীত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ তদন্ত অব্যাহত ৰাখিছে চানমাৰি আৰক্ষীয়ে। বামুনীমৈদামৰ ৰে’লৱে’ কলনীৰ কালীবাৰী জাগৃতি সংঘৰ দুৰ্গা পূজা মণ্ডপ। জুবিন গাৰ্গৰ গীত বজাবলৈ অনুৰোধ কৰা বাবেই অবিনাশ ৰজক (২৬) নামৰ এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰিছিল উন্মত্ত যুৱকৰ এটা দলে। দুৰ্গা পূজা মণ্ডপত নাচি থকা অবিনাশ ৰজকে জুবিন গাৰ্গৰ গীত বজাবলৈ অনুৰোধ কৰিছিল।

অবিনাশৰ দাবীত অগ্নিশৰ্মা হৈ সুজিত সৰকাৰ আৰু ৰাতুল বৰাৰ নেতৃত্বত ২০-২৫জনীয়া যুৱকৰ নেতৃত্বত অহা এদল যুৱকে অবিনাশ ৰজকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাবে আহত কৰে। আহত অবিনাশে গীতানগৰৰ KGMT হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

শনিবাৰে DCP অমিতাভ বসুমতাৰীয়ে চানমাৰি থানাত সম্বোধন কৰে এখন সংবাদমেল। হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনৰ পৰাই পলাতক হৈ থকা ৮টা অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে। DCPগৰাকীয়ে অভিযুক্তকেইটাৰ বিৰুদ্ধে ১০৩(২) ধাৰা আৰোপ কৰা বুলি অৱগত কৰে।

আৰক্ষী বিষয়াগৰাকীয়ে কয়, ‘‘একাংশই প্ৰমাণ লুকুওৱাৰ চেষ্টা কৰিছে। স্থানীয় লোকসকলে এই বিষয়ত আৰক্ষীক অৱগত কৰা নাছিল। যদি সময়ত ব্যৱস্থা ল’লেহেঁতেন তেন্তে হয়তো যুৱকজনৰ মৃত্যু নহ’লহেঁতেন। তাত থকা সকলোৱে মদ্যপান কৰি আছিল। মদৰ নিচাতে হত্যাকাণ্ডটো সংঘটিত হৈছিল।’’‘‘কমিটীৰ সকলো সদস্যই ঘটনা লুকুৱাবলৈ চেষ্টা কৰিছিল। তথ্য-প্ৰমাণ নষ্ট আৰু লুকুওৱাৰ চেষ্টা কৰিছিল। আনকি মণ্ডপৰ CCTV আঁতৰাই দিছিল। উদ্ধাৰ হোৱা এটা CCTV ভিজুৱেল নষ্ট কৰি দিছিল। আন ১০টা অভিযুক্তই পলায়ন কৰি আছে, সেইসকলকো আটক কৰা হ’ব।’’

‘‘ৰাজু দত্ত, গোপাল দাস, বসন্ত বাসফৰ ওৰফে ৰাজা, বিশাল চক্ৰৱৰ্তী, বিজু শীল, ৰমেন দাকোৱা, শুভেন্দ্ৰ শেখৰ ৰয় আৰু বৰণ চক্ৰৱৰ্তী নামৰ অভিযুক্তকেইটাক আটক কৰা হৈছে।’’

এই ঘটনা সন্দৰ্ভত ২৩৯/২৫ নম্বৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। US 103(2) ধাৰা আৰোপ কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments