Thursday, April 30, 2026
HomeঅসমGMCH ৰ পোষ্টমৰ্টেম ৰিপোৰ্ট কিয় গ্ৰহণ নকৰিলে গৰিমা শইকীয়া গাৰ্গে’

GMCH ৰ পোষ্টমৰ্টেম ৰিপোৰ্ট কিয় গ্ৰহণ নকৰিলে গৰিমা শইকীয়া গাৰ্গে’

SITএ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অৰ্পণ কৰা সন্দৰ্ভত গৰিমা গাৰ্গৰ প্ৰতিক্ৰিয়া। গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰে যে ‘‘যিহেতু তদন্ত প্ৰক্ৰিয়া চলি আছে, গতিকে এই সময়ত কথাবোৰ ৰাজহুৱা হ’লে ব্যাঘাত জন্মিব পাৰে পাৰে বুলি ভাবি মৰণোত্তৰ প্ৰতিবেদন মই গ্ৰহণ নকৰিলো।’’

গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰে যে ‘‘মই আইনৰ ওপৰত আস্থা ৰাখিছোঁ। মই আইনৰ কথা বিশেষ নাজানো। মৰণোত্তৰ প্ৰতিবেদন আদালত আৰু তদন্তকাৰী বিষয়াৰ সৈতেই থাকক। এতিয়া তদন্ত ভালদৰে আগবাঢ়িছে বুলি বিশ্বাস কৰিছো।’’ ‘‘প্ৰকৃততে ঘটনাটো কি হৈছিল সেয়া অতিশীঘ্ৰে জানিব লাগিব। তদন্ত জোৰদাৰ হ’ব লাগিব। যি দোষী আছে তেওঁলোকে কঠোৰ শাস্তি পাবই লাগিব। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মোৰ ব্যক্তিগত সম্পত্তি নহয়। মই মোৰ মানুহজনক হেৰুৱাইছো, জুবিনক মই ঘূৰাই নাপাও কেতিয়াও। কিন্তু তেওঁ উচিত ন্যায় পাব লাগিব।’’

‘‘জুবিন গাৰ্গক ন্যায় দিয়ক। আজি মোৰ আৰু ভণ্টীৰ ভাষ্য গ্ৰহণ কৰিছে SITএ। জুবিন গাৰ্গক বিহ দি হত্যা কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে।’’ ‘‘শেখৰে যদি জানিছিল ইমানদিন কিয় লুকুৱাই ৰাখিছিল? এইক্ষেত্ৰত দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগিব। মোৰ মানুহজনে সকলোকে ইমান মৰম কৰিছিল, তাৰ পিছতো তেওঁক কিয় এনেকুৱা কৰিলে?’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments