Thursday, September 17, 2026
Homeঅসমদ্বীপেন বৰুৱালৈ 'শংকৰ বৰুৱা সংগীত বঁটা’

দ্বীপেন বৰুৱালৈ ‘শংকৰ বৰুৱা সংগীত বঁটা’

অসমৰ প্ৰবাদপ্ৰতিম সংগীত-শিল্পী দ্বীপেন বৰুৱালৈ আজি ‘শংকৰ বৰুৱা সংগীত বঁটা’ আগবঢ়ায় ‘শংকৰ বৰুৱা স্মৃতিৰক্ষা সমিতি’য়ে ৷ গুৱাহাটী প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সম্বৰ্দ্ধনা সভাত এই বঁটা গ্ৰহণ কৰি শিল্পীগৰাকীয়ে নৱপ্ৰজন্মই সংগীতৰ সাধনাত অধিক মনোযোগী হ’লে তেখেত বৰ সুখী হ’ব বুলি আশা প্ৰকাশ কৰে ৷ লগতে তেওঁ গোৱা কে’বাটিও গীতে শ্ৰোতাদৰ্শকক নষ্টালজিক অনুভৱেেৰে আপ্লুত কৰি তোলে ৷ ফুলাম গামোচা-জাপি-ফুলৰ তোৰাৰে আদৰণি জনোৱাৰ পিছত বঁটা হিচাপে শিল্পীগৰাকীলৈ আগবঢ়োৱা হয় এটি ‘মেমেন্টো’ বা স্মাৰক, এখন ২৫,০০০ টকীয়া চেক , সম্বৰ্দ্ধনা পত্ৰ , চেলেং আৰু কিতাপৰ টোপোলা ৷ ‘শংকৰ বৰুৱা স্মৃতিৰক্ষা সমিতি’ৰ তৰফৰ পৰা দ্বীপেন বৰুৱাক সম্বৰ্দ্ধনা জনায় ৰেনু বৰুৱা , ত্ৰিনেশ বৰুৱা , অমূল্য বৰুৱা , পূৰবী বৰুৱা , অনিন্দিতা চৌধুৰী , ৰুমা বৰুৱা , ৰূপম বৰুৱা , সুদেষ্ণা চৌধুৰী আৰু আৰাধনা চক্ৰৱৰ্তী তামুলীয়ে ৷ অনুষ্ঠানটিৰ আঁত ধৰে লেখক-সাংবাদিক-অনুবাদক-গৱেষক ৰুবী দাসে ৷

শংকৰ বৰুৱাৰ জন্মদিৱস উপলক্ষে বন্তি প্ৰজ্বলন , পুষ্পাঞ্জলি আৰু সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা সভাত ‘শংকৰ বৰুৱা স্মৃতিৰক্ষা সমিতি’ৰ তৰফৰ পৰা ৰূপম বৰৱাই নিৰৱ-সহজাত সংগীতশিল্পী প্ৰয়াত শংকৰ বৰুৱাৰ প্ৰতিভাৰ বিষয়ে আৰু তেওঁৰ স্মৃতিত নামাংকিত এই বঁটা গ্ৰহণ কৰাৰ বাবে দ্বীপেন বৰুৱাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷ নতুন বঁটাটিৰ বিষয়ে দুআষাৰ কোৱাৰ লগতে প্ৰবাদপ্ৰতিম শিল্পী দ্বীপেন বৰুৱাই ষাঠিৰ দশকৰ পৰা আজিলৈকে অসমৰ সংগীতানুৰাগী ৰাইজক গান শুনাই থকাৰ কথাটো আমাৰ পৰম সৌভাগ্য বুলি তেওঁ কয় ৷ অনুষ্ঠানটিত ডৰিয়লি চৌধুৰী আৰু কণমানি আদ্যাভি বৰুৱাই দ্বীপেন বৰুৱাৰ গীত পৰিবেশন কৰে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments