Sunday, November 8, 2026
Homeঅসমদীপাৱলীৰ আনন্দৰ মাজতে জামুগুৰিহাটৰ ঘিলাধাৰী নদীত সমূহীয়াভাৱে মাছ ধৰিলে কেইবাখনো গাঁৱৰ ৰাইজে

দীপাৱলীৰ আনন্দৰ মাজতে জামুগুৰিহাটৰ ঘিলাধাৰী নদীত সমূহীয়াভাৱে মাছ ধৰিলে কেইবাখনো গাঁৱৰ ৰাইজে

পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে জামুগুৰিহাটৰ গমিৰিপালত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী পৰম্পৰাৰ দৃশ্য। দীপাৱলী উপলক্ষে ঘিলাধাৰী নদীত কেইবাখনো গাঁৱৰ ৰাইজে সমূহীয়াভাৱে মাছ ধৰি উৎসৱৰ আনন্দ উপভোগ কৰে।
পুৱাই হাতত পলহ, জাকৈ আদি লৈ নদীৰ বুকুত নামিল শ শ লোক। পুৰুষ-মহিলা, যুৱক-যুৱতীকে ধৰি বিভিন্ন বয়সৰ লোকে নদীত নামি সমূহীয়াভাৱে মাছ ধৰা দৃশ্যই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। হাঁহি-আনন্দ আৰু উলাহেৰে নদীৰ বুকুত মাছ ধৰাৰ এই ব্যতিক্ৰমী দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
উল্লেখযোগ্য যে জামুগুৰিহাটৰ ঘিলাধাৰী নদীত বছৰৰ এটা নিৰ্দিষ্ট দিনতহে ৰাইজক সমূহীয়াভাৱে মাছ ধৰাৰ সুযোগ দিয়া হয়। সেই পৰম্পৰা অনুসৰিয়েই দীপাৱলী উপলক্ষে এইবাৰো কেইবাখনো গাঁৱৰ ৰাইজে একেলগে নদীত মাছ ধৰে।
কেৱল মাছ ধৰাই নহয়, এনে সমূহীয়া কাৰ্যসূচীয়ে গাঁওসমূহৰ মাজত পাৰস্পৰিক সম্প্ৰীতি, ঐক্য আৰু সামাজিক সম্পৰ্ক অধিক সুদৃঢ় কৰি তোলাৰ লগতে স্থানীয় পৰম্পৰা আৰু লোক-সংস্কৃতিৰো পৰিচয় বহন কৰিছে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments