৯ নং নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনত বৃহৎ ভোটৰ ব্যৱধানত জয় লাভ কৰা বিজপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক আশীৰ্বাদ জনোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই চামগুৰি সমষ্টিৰ অন্তগৰ্ত
ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা বিজয়ী উৎসৱত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷
মুখ্যমন্ত্ৰী গৰাকীয়ে মঞ্চত ভাষন প্ৰসঙ্গত কয় যে-
অলপতে অনুষ্ঠিত হৈ যোৱা ৯ নং লোক সভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই বৃহৎ ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হোৱাত চামগুৰি সমষ্টিৰ দলীয় নেতা – কৰ্মীৰ যথেষ্ট অবদান আছে৷আৰু বৰ্তমানৰ চৰকাৰ খনে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত বহু উন্নয়ন মূলক কাম- কাজ কৰিছে৷ সেয়ে আগন্তুক বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিটো আমাৰ দখললৈ আনিব লাগিব বুলি কৈ সমগ্ৰ সমষ্টিবাসী ৰাইজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে৷ অনুষ্ঠানত অসম বিধানসভাৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা,নগাঁও- বটদ্ৰৱা
সমষ্টি বিধায়ক ৰূপক শৰ্মা,বঢ়মপুৰ সমষ্টিটোৰ বিধায়ক জিতু গোস্বামী,ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস,চামগুৰি সমষ্টিৰ বিজেপিৰ সক্ৰিয় নেতা মজিবুৰ ৰহমান,গড়াজান বিজেপি মণ্ডলৰ সভাপতি
বিপ্লৱ কুমাৰ তৰফদাৰৰ লগতে ভালেসংখ্যক বিজেপিৰ দলীয় – কৰ্মী উপস্থিত থাকে৷
