তফিকুৰ ৰহমান, সৰ্থেবাৰীঃ ৯ নৱেম্বৰঃ বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী পাথাৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ আৱাল হুছেইন(বিএচচি)ৰ যোৱা নিশা প্ৰায় ১১:৩০ বজাত মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে হৃদক্ৰিয়া বন্ধ হৈ নিজবাসগৃহতেই মৃত্যুক আঁকোৱালি লয় আৱাল হুছেইনে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭০ বছৰ। ৰৌমাৰী পাথাৰৰ দানেশ আলী এম. ই. স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল আৱাল হুছেইন। আৱাল হুছেইন এগৰাকী ধৰ্মপৰায়ণ তথা সমাজসেৱক আছিল। বহু বছৰ ধৰি সমাজৰ বিভিন্ন উন্নয়নমূলক কাম-কাজত জড়িত হৈ আছিল। এগৰাকী নম্ৰ, ভদ্ৰ আৰু নিৰ্জু প্ৰকৃতিৰ লোক আছিল আৱাল হুছেইন। বৃহত্তৰ ৰৌমাৰী অঞ্চলত শিক্ষাৰ পোহৰ বিলাবলৈ প্ৰয়াস কৰি ৰৌমাৰী পাথাৰত প্ৰতিষ্ঠা কৰিছিল দানেশ আলী এম. ই. স্কুল। দানেশ আলী এম. ই. স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল আৱাল হুছেইন। ২০১৭ চনত দানেশ আলী এম. ই. স্কুলৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল আৱাল হুছেইনে। ইয়াৰ উপৰি ৰৌমাৰী পাথাৰ হাইস্কুল, উত্তৰ ৰৌমাৰী পাথাৰ আঞ্চলিক প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল আৱাল হুছেইন। ৰৌমাৰী পাথাৰ বাইতুল আজিজ জামে মছজিদৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৱালে। বৃহত্তৰ অঞ্চলটোক শিক্ষাৰ দিশত আগুৱাই নিয়াত আৱাল হুছেইনৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। আজি পুৱা ১০ বজাত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত ৰৌমাৰী পাথাৰ জামে মছজিদ প্ৰাংগণত আলহাজ আৱাল হুছেইনৰ জানাজা নামাজ সম্পন্ন হয়। মৃত্যুৰ সময়ত আৱাল হুছেইনে পত্নী, এগৰাকী পুত্ৰ, এগৰাকী বোৱাৰী, এগৰাকী কন্যা, এগৰাকী জোঁৱাইৰ লগতে নাতি-নাতিনীসহ আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়। আৱাল হুছেইনৰ মৃত্যুত সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, বৰপেটা জিলা সাংবাদিক সন্থাৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক তফিকুৰ ৰহমান, ১৯ নং হৰিপুৰ জিলা পৰিষদৰ সদস্য হাইদৰ আলী আহমেদ, গৰেমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুল কায়ুম আহমেদ, ছাটা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুল জলিল, উত্তৰ ৰৌমাৰী পাথাৰ আঞ্চলিক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জেহেৰুল ইছলাম, দানেশ আলী এম . ই. স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক জুলফিকাৰ আলী আহমেদ, ৰৌমাৰী পাথাৰ হাইস্কুলৰ প্ৰধান শিক্ষক ছাহদত হুছেইন, ৬৫৩ নং ৰৌমাৰী পাথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নয়নজ্যোতি শৰ্মা, দক্ষিণ চৰ ৰৌমাৰী পাথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক এমদাদুল হক, দক্ষিণ পশ্চিম ৰৌমাৰী পাথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চৌকত আলী আহমেদ, ১২০ নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কবীৰ আলী আহমেদ, পিএমশ্ৰী ছাটা আঞ্চলিক হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক লালমামুদ আলী, ৰৌমাৰী পাথাৰ সমাজসেৱক লাইব্ৰেৰীৰ সভাপতি-সম্পাদক ক্ৰমে কেৰামত আলী আৰু নুৰ মহম্মদ আলী আহমেদ, ৰৌমাৰী পাথাৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি- সম্পাদক ক্ৰমে নহৰ আলী আৰু হাইদৰ আলী, স্থানীয় গাঁওপ্ৰধান আমিনুল হক, বিৰিণা গোষ্ঠী-অসমৰ সভাপতি- সম্পাদক ক্ৰমে জিয়াউৰ ৰহমান আৰু বনজিৎ বৈশ্য, মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ কাৰ্যকৰী সম্পাদক চাহনুৰ আলীকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
