# বৰপেটাত চাইবাৰ অপৰাধীৰ চক্ৰ উৎখাত
# চাইবাৰ প্ৰৱঞ্চনাৰে এজন লোকৰ বেংক একাউণ্টৰ পৰা ৯৯ হাজাৰ টকা সৰকোৱাৰ অভিযোগত বৰপেটাৰ আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
# ধৃত অভিযুক্ত কেইটা হৈছে হামিদুল খান, মজিদুৰ ৰহমান আৰু মুজাম্মিল।
# বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা কাৰিকৰী তদন্তৰ ভিত্তিত আটক কৰা হয় তিনিওকে।
# ডি পি আৰ চিৰ পৰিচালন সঞ্চালক দিগন্ত দাসৰ পত্নীৰ বেংক একাউণ্টৰ পৰা ৯৯ হাজাৰ টকা ধৃত চাইবাৰ অপৰাধী কেইটাই সৰকাই নিছিল।
# এই সন্দৰ্ভত বৰপেটা সদৰ থানাত ৪৪১/২৬ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে।
# বৰ্তমান তিনিওজন অভিযুক্ত বৰপেটা আৰক্ষীৰ জিম্মাত আছে।
# ইপিনে , চাইবাৰ অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত অচিনাকি লোকক নিজৰ পৰিচয়-পত্ৰ আৰু বেংক সম্পৰ্কীয় তথ্য প্ৰদান নকৰিবলৈ ৰাইজক সতৰ্ক কৰি দিছে বৰপেটা জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই।
