Monday, October 26, 2026
HomeUncategorized২০২৫ চনৰ ১৫ অক্টোৱৰৰ দিনটো এক ঐতিহাসিক দিন আছিল বাক্সা বাসীৰ কাৰণে

২০২৫ চনৰ ১৫ অক্টোৱৰৰ দিনটো এক ঐতিহাসিক দিন আছিল বাক্সা বাসীৰ কাৰণে

২০২৫ চনৰ ১৫ অক্টোৱৰৰ দিনটো এক ঐতিহাসিক দিন আছিল বাক্সা বাসীৰ কাৰণে । এই দিনটোতে জুবিন হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত ,সিদ্ধাৰ্থ শৰ্মা ,সন্দীপন গাৰ্গ আৰু দুই দেহৰক্ষীক নিকাছি কাৰাগাৰলৈ অনাৰ সময়ত সংঘটিত হৈছিল অনাকাংশিত পৰিৱেশৰ আৰু ২০২৬ ৰ ১৫ অক্টোৱৰৰ দিনটোতে বাক্সাত প্ৰথমটো জুবিনৰ প্ৰতিমূৰ্তি উদ্বোধন কৰা হৈছে এখন ব্যক্তিগত পাৰ্কত ।বাক্সা জিলাৰ মুছলপুৰত থকা প্ৰাক্তন বিটিচি ই এম তথা বৰ্তমানৰ বিটিচি পাৰিষদ ৰাকেশ ব্ৰহ্মই প্ৰায় এশ বিঘা ভুমিক সামৰি নিৰ্মান কৰিছিল মাউজি পাৰ্ক নামৰ এখন আধুনিক পাৰ্ক । বিগত বৰ্ষত লক্ষাধিক লোকৰ সমাগম হোৱা এই পাৰ্কতে এক প্ৰাকৃতিক পৰিৱেশৰ মাজত ১৫ অক্টোৱৰত উদ্বোধন কৰে প্ৰায় ১৫ ফুট উচ্চতাৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তী ।প্ৰতিমূৰ্তী উন্নোচনী অনুস্থানত উপস্থিত থাকি জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱা আৰু জয়ন্ত কাকতিয়ে ন্যায়ালয়ে জুবিন গাৰ্গৰ হত্যাৰ উচিত ন্যায় দিব বুলি আশা প্ৰকাশ কৰে । জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন পোৱাটো দুৰ্ভাগ্য জনক বুলি মন্তব্য কৰে বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই ।

ইফালে জুবিন অনুৰাগী প্ৰাক্তন বিটিচি ই এম ৰাকেশ ব্ৰহ্মই নিজৰ পাৰ্কত নিজৰ পকেটৰ ধন খৰছ কৰি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তী নিৰ্মান কৰিব পাৰি মনৰ আশা পূৰন হোৱা বুলি মন্তব্য কৰে ।প্ৰকৃতি প্ৰেমী জুবিন গাৰ্গক প্ৰকৃতিৰ মাজতে জীয়াই ৰাখিব বুলি মন্তব্য প্ৰকাশ কৰে ৰাকেশ ব্ৰহ্মই ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments