জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ অন্যতম অভিযুক্ত সন্দীপন গাৰ্গে জামিন লাভ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে সন্দীপন গাৰ্গৰ জামিন আবেদন মঞ্জুৰ কৰিছে।উল্লেখ্য, ইয়াৰ পূৰ্বে এই গোচৰৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তয়ো জামিন লাভ কৰিছিল। অমৃতপ্ৰভাৰ পিছত এইবাৰ জামিন লাভ কৰিলে সন্দীপন গাৰ্গে।জামিনৰ শুনানিৰ পিছত আদালতে ৰায় সংৰক্ষিত ৰাখিছিল। বৰ্তমান বাক্সাৰ নিকাছি কাৰাগাৰত কাৰাবন্দী হৈ আছে সন্দীপন।
জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰত উপস্থিত আছিল সন্দীপন গাৰ্গ। ছিংগাপুৰত অনুষ্ঠিত য়ট পাৰ্টীৰ সময়ত জুবিন গাৰ্গৰ সৈতে সাগৰত সাঁতুৰিছিল সন্দীপনে বুলি জানিব পৰা গৈছে।অৱশ্যে ২ নৱেম্বৰতহে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে সন্দীপন।
