উজনি অসমৰ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ এই তিনিওখন জিলা সম্প্ৰতি বানপানীৰ কবলত। শাওণমহীয়া বানপানীয়ে মুহূৰ্ততে সলনি হৈ কৰি পেলালে জন-জীৱন । জিলা তিনিখনৰ মানচিত্ৰয়ো হ’ল সলনি। মাটি- ঘৰ- পথাৰ সকলো এতিয়া পানীৰ তলত।
তাৰ মাজতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও বন্যাৰ্তসকলৰ বাবে পৰ্যামানে সহায়- সহযোগিতাৰ লগতে এছ ডি আৰ এফ বাহনীৰ সৈতে উদ্ধাৰ অভিযানত নামি পৰিছে। একে সময়তে অতি শেহতীয়াকৈ বিধায়ক গগৈয়ে শিৱসাগৰৰ বানপীড়িত ৰাইজৰ বাবে সাধাৰণ ৰাইজলৈ সহায় বিচাৰি সামাজিক মাধ্যমত এক পোষ্ট ৰাজহুৱা কৰিছে।
তাত তেওঁ লিখিছে এনেদৰে- শিৱসাগৰ সমষ্টিৰ বানপীড়িতক সহায় কৰিব খোজে নেকি? যদি খোজে , মোৰ গুগুল পে নম্বৰ — 8822424271 বা মোৰ বেংক একাউণ্ট নম্বৰত দিব পাৰে। Account Number- 40062276752
Name- Akhil Gogoi
IFSC- SBIN0003030
যদি কোনো সদাশয় লোকে বন্যাৰ্তসকলৰ মুখলৈ চাই সহায়- সহযোগিতা আগবঢ়াম বুলি ভাবে তেন্তে যোগাযোগ কৰিব পাৰে।
