Thursday, October 29, 2026
Homeঅসম'যদি অভিযুক্তৰ মূৰত ডাঙৰ মানুহৰ হাত নাই, কেনেকৈ পাৰিছে?'

‘যদি অভিযুক্তৰ মূৰত ডাঙৰ মানুহৰ হাত নাই, কেনেকৈ পাৰিছে?’

জুবিন গাৰ্গৰ মৃ…ত্যুৰ আঁৰত আছে ডাঙৰ মানুহৰ হাত।জে’লৰ পৰা ওলালেই শ্যামকানু,সিদ্ধাৰ্থই জুবিনৰ পৰিয়ালকো শেষ কৰি দিব।ক’ৰ্টলৈ আহি থকা অমৃতপ্ৰভা,সন্দীপনক প্ৰশ্ন কৰিবলৈ এজনো অসমীয়া নোলাল।গছৰ তলত বহি,ফেনৰ তলত বহি জাষ্টিছ ফ’ৰ জুবিন লিখিলে নহ’ব।বুকু ঢকিয়াই ঢকিয়াই ক্ষোভ উজাৰিলে পাৰ্থ গোস্বামীয়ে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তৃতীয় দিনৰ সাক্ষ্যদানৰ পিছতে বিস্ফোৰক মন্তব্য পাৰ্থ গোস্বামীৰ। জুবিন গাৰ্গৰ নাম লৈ দেহৰক্ষীসকলে দামী দামী মদ খোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে কাৰাগাৰত থাকিও শ্যামকানু মহন্তই প্ৰমাণ বা তথ্যৰ সৈতে টেম্পাৰিং কৰাৰ সাহস কেনেকৈ পালে, তাক লৈ প্ৰশ্ন উত্থাপন কৰে পাৰ্থ গোস্বামীয়ে।
পাৰ্থ গোস্বামীয়ে কয় যে, ‘‘মানুহজন কিমান পৰ্যায়ৰ অপৰাধী আপোনালোকে বুজি লওক। কাৰাগাৰাৰ পৰা ওলালেই কিমান সন্ত্ৰাস কৰিব সেইকেইজনে ঠিক নাই। মোৰ ভয় হৈছে এতিয়া জুবিন গাৰ্গৰ পৰিয়াললৈ।’’
অমৃতপ্ৰভাৰ মুক্তি আৰু বাহনৰ মালিকক লৈ প্ৰশ্ন
সাংবাদিকসকলৰ প্ৰতিও প্ৰশ্ন উত্থাপন কৰে পাৰ্থ গোস্বামীয়ে। পাৰ্থ গোস্বামীয়ে কয় যে ‘‘সিদিনা কাৰাগাৰাৰ পৰা অমৃতপ্ৰভা ওলাই আহোতে থাৰ গাড়ীৰে মানুহ খুন্দিয়াব লৈছিল। পিছে সেই গাড়ীকেইখন কাৰ,কোন প্ৰভাৱশালী মানুহ জড়িত আছে,সেই খবৰ ওলালেনে? পুৱা ৬ বজাতেই কোন অভিযুক্ত পূৰ্বে আদালতৰ পৰা মুকলি হৈছে? সাধাৰণ মানুহ ওলাবলৈ হ’লে ১১ৰ পৰা ১২ বাজি যায়। জুবিন হত্যাকাৰী এগৰাকী ৬ বজাতেই ওলাই যায়, ভাবি লওক তেওঁৰ ওপৰত কিমান প্ৰভাৱশালী মানুহৰ হাত আছে।’’
পাৰ্থ গোস্বামীয়ে কয় যে ‘‘দক্ষিণৰ চিনেমাৰ দৰে কাৰাগাৰাৰ পৰা ওলাইয়েই মাফিয়াৰ দৰে গাড়ী সলনি কৰিছে অমৃতপ্ৰভাই। থাৰ আৰু সেই গাড়ীখনৰ মালিক কোন,কোনে যোগান ধৰিছিল এই গাড়ীদুখন!’’
‘জুবিনৰ ন্যায়ৰ কথা কোৱা অসমীয়া আজি কিমানজন আহিছে?’
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পূৰ্বে সৰৱ হোৱা অসমৰ ৰাইজৰ উপস্থিতিক লৈও প্ৰশ্ন তোলে পাৰ্থ গোস্বামীয়ে। পাৰ্থ গোস্বামীৰ মতে, ‘‘সামাজিক মাধ্যমত জুবিনৰ ন্যায়ৰ দাবী জনোৱাটোৱেই যথেষ্ট নহয়; ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰতিও মানুহে সচেতনতা আৰু আগ্ৰহ দেখুওৱা উচিত।’’
পাৰ্থ গোস্বামীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে আদালতলৈ নিয়মীয়াকৈ অহা-যোৱা কৰি থকা অমৃতপ্ৰভাৰ ক্ষেত্ৰত প্ৰশ্ন সুধিবলৈও আজি কিমানজন অসমীয়া উপস্থিত হৈছে, সেয়া ভাবিবলগীয়া বিষয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments