Tuesday, March 10, 2026
Homeঅসমমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মান নাই:গৌৰৱ গগৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মান নাই:গৌৰৱ গগৈ

যাৰ মান নাই,তাৰ হানি কেনেকৈ হব বুলি প্ৰশ্ন উত্থাপন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰব গগৈয়ে আক্ৰমন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।মুখ্যমন্ত্ৰীয়ে গৌৰব গগৈ সহ AICC ৰ জেষ্ঠ নেতাৰ বিৰুদ্ধে মানহানী গোচৰ সন্দৰ্ভত সাংবাদিকৰ কৰা প্ৰশ্নৰ উত্তৰত সভাপতি গৌৰব গগৈয়ে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা ভয়াতুৰ বুলি আখ্যা দিয়ে।তেওঁ কয় যে মুখ্যমন্ত্ৰী ভয়াতুৰ হৈ গৈছে বাবে ন্যায়ালয়ত গৈছে।মুখ্যমন্ত্ৰীৰ যদি সাহস আছে,জনতাৰ আদালতত ৰাজনীতিবিদৰ আমাৰ লগত সন্মূখৰ পৰা ফাইট কৰক।আমিও কেচ দিব পাৰিলোহেতেন।মোৰ কেচ দিবলৈ মন নাই।মই এজন ৰাজনীতিবিদ।মই জনতাৰ বিবেকৰ ওপৰত বিশ্বাস কৰো।মই ৰাস্তাত যুজিব বিচাৰো হিমন্ত বিশ্ব শৰ্মাৰ লগত,ন্যায়লয়ত নহয়।তেওঁ ভয়াতুৰ,তেওঁ আমাৰ পৰা সংকিত হৈছে।সিহতৰ জনতাৰ আদালতৰ ওপৰত বিশ্বাস নাই।মুখ্যমন্ত্ৰী গৰাকীয়ে যিমান যি কৰিলেও আমি পৰবৰ্তী সময়ত কংগ্ৰেছ দলে যি আইনী ব্যবস্থা লব লাগে,আমি লম।

আনফালে কংগ্ৰেছ দলে নিয়োগ কৰা তথ্য-প্ৰযুক্তিৰ দুগৰাকী কৰ্মীক উদ্দেশ্যপ্ৰণোদিত গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে দৈনিক দিশপুৰ থানালৈ তলব কৰি যিধৰণেৰে তৎপৰতা প্ৰদৰ্শন কৰিছে আৰু ভুপেন বৰাৰ বিৰুদ্ধে মহিলা আয়োগে পদক্ষেপ গ্ৰহণ কৰিছে ঠিক তেনেধৰণৰ তৎপৰতা কিন্তু অসমৰ গাঁৱৰ সৰ্বসাধাৰণ নাগৰিক বা মহিলাই আৰক্ষী থানাত বা মহিলা আয়োগত গোচৰ তৰিলে দেখা পোৱা নাযায়। বিশেষকৈ গাঁৱৰ মহিলাই থানালৈ গৈ কোনো গুৰুতৰ বিষয়ত গোচৰ দিবলৈ গ’লে অসম আৰক্ষীয়ে সেই গোচৰেই পঞ্জীয়ন নকৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি অসম আৰক্ষীকো তীব্ৰ সমালোচনা কৰে সভাপতি গৰাকীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments