ডিজিটেল ডেস্ক ANEWS24X7: টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ দুৰ্ঘটনাগ্ৰস্ত কাৰণ বিচাৰি নিজাববিয়া তদন্ত আৰম্ভ কৰিছে বাহন নিৰ্মাণ সংস্থা মাৰ্চিডিজে ৷ ইতিমধ্যে মাৰ্চিডিজে চাইৰাছ মিস্ত্ৰীৰ দুৰ্ঘটনাগ্ৰস্ত মাৰ্চিডিজ বাহন খনৰ পৰা তথ্য সংগ্ৰহ কৰিছে ।
জাৰ্মান সংস্থাটোৱে এই সন্দৰ্ভত কয় যে , তেওঁলোকে ঘটনাটোৰ তদন্ত কৰি থকা আৰক্ষীক সহযোগিতা কৰি আছে ৷ ইয়াৰ সমান্তৰালকৈ তেওঁলোকেই এই ঘটনাৰ কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে ৷ বুধবাৰে বিলাসী বাহন নিৰ্মাণকাৰী সংস্থাটোৱে দুৰ্ঘটনাগ্ৰস্ত মাৰ্চিডিজ গাড়ীখনৰ সাংকেতিক ‘বাহনৰ তথ্য’ সংগ্ৰহ কৰে ।
মহাৰাষ্ট্ৰৰ কোঙ্কন ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক সঞ্জয় মোহিতে কয় যে দুৰ্ঘটনাটোৰ আগতে বাহনখনৰ টায়াৰ চাপ আৰু ব্ৰেক ফ্লুইডৰ স্তৰ পৰীক্ষা কৰা হ’ব।
উল্লেখ্য যে ৪ ছেপ্টেম্বৰ তাৰিখে মোম্বাইৰ পালঘৰৰ কাছাৰ সমীপত মুম্বাই-আহমেদাবাদ ঘাইপথত টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰী এক দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱতি লয় ৷