ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ সোমবাৰে ডিব্ৰুগড়ৰ মোহনাবাৰী বায়ুসেনা ঘাটিত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ নিশা মোহনবাৰী বায়ুসেনাৰ ঘাটিত কটায় মঙলবাৰে পুৱা অৰুণাচল প্ৰদেশত উপস্থিত হয় ৷
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৭২৪.৩ কোটি টকাৰ মুঠ ২৮ টা প্ৰকল্প মুকলি কৰে ৷ মুকলি কৰে ১০০ মিটাৰ দৈঘ্যৰ চিয়াং জিলাৰ শ্বিয়ম দলং ৷ লগতে উদ্বোধন কৰে সীমান্ত পথ সংস্থাৰ ২৭ টা প্ৰকল্প উদ্ধোধন কৰে ৷ এই প্ৰকল্প কেইটা ভাৰ্চুৱেলী উদ্বোধন কৰা হয় ৷
এই অনুস্থানত উপস্থিত থাকে অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খানডুৰ লগতে প্ৰতিৰক্ষা বিভাগৰ আৰু সীমান্ত পথ সংস্থাৰ বহুকেইজন শীৰ্ষ বিষয়া উপস্থিত থাকে ৷ অৰুণাচল প্ৰদেশ ভ্ৰমণ সামৰি আজি দুপৰিয়া পুনৰ দিল্লীলৈ উভতি যাব প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী ৷