ডিজিটেল ডেস্ক, ANEWS24X7: ইৰাণৰ অভিজাত ৰিভলিউচনৰী গাৰ্ডক সন্ত্ৰাসবাদী গোট হিচাপে ঘোষণা কৰিব ব্ৰিটেইনে ৷ ব্ৰিটেইনে এটা সপ্তাহৰ ভিতৰত এই বৃহৎ ঘোষণা কৰিব পাৰে ৷ এই সিদ্ধান্তক ইউকেৰ নিৰাপত্তা সচিব টম টুগেণ্ডাট আৰু গৃহ সচিব চুৱেলা ব্ৰেভাৰমেনে সমৰ্থন জনাইছে৷
ৰিভলিউচনৰী গাৰ্ডক “সন্ত্ৰাসবাদী গোট” হিচাপে ঘোষণা কৰাৰ পিছত সংগঠনটোৰ সৈতে জড়িত, সভাত উপস্থিত থকা, ৰাজহুৱাভাৱে লোগো কঢ়িয়াই অনাটো এক ফৌজদাৰী অপৰাধ বুলি গণ্য কৰা হ’ব।
উল্লেখ্য যে ইৰাণত কেইবা মাহ ধৰি চৰকাৰ বিৰোধী প্ৰতিবাদ চলি আছে। যোৱা সপ্তাহত, ইৰাণৰ ৰিভলিউচনৰী গাৰ্ডে প্ৰতিবাদৰ সন্দৰ্ভত ইউকেৰ সৈতে “সম্পৰ্কিত” সাতজন লোকক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা সকলৰ কিছুমানৰ দ্বৈত নাগৰিকত্ব আছে।
ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাকে বুধবাৰে ইৰাণক দ্বৈত নাগৰিকসকলক আটক বা গ্ৰেপ্তাৰ কৰা বন্ধ কৰিবৰ বাবে আহ্বান জনাইছিল ৷ প্ৰধানমন্ত্ৰী চুনাকে কয় যে এই গ্ৰেপ্তাৰৰ কৌশল কূটনৈতিক সুবিধা পাবলৈ ব্যৱহাৰ কৰিব নালাগে ৷
২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ বিভলিউচনৰী গাৰ্ডক ব্লেকলিষ্ট কৰিছিল ৷ ইউৰোপীয় ইউনিয়ন আৰু জাৰ্মানীয়ে ইৰাণৰ ৰিভলিউচনৰী গাৰ্ডক ‘‘সন্ত্ৰাবাদী সংগঠন ’’ হিচাপে তালিকাভুক্ত কৰিব নে নাই পৰীক্ষা কৰি আছে ৷ ইয়াৰ মাজতে ইৰাণৰ বিভলিউচনৰী গাৰ্ড সন্দৰ্ভত ব্ৰিটেইনৰ এক বৃহৎ সিদ্ধান্ত বুলি কব পাৰি ৷
