ডিজিটেল ডেস্ক, ANEWS24X7: দিল্লী আৰক্ষীৰ জালত চীনৰ এগৰাকী ৰহস্যময়ী মহিলা ৷ বৌদ্ধ সন্ন্যাসীৰ বেশত চীনৰ মহিলা ৷ তিনিবছৰ ধৰি ভাৰতত অবৈধ ভাবে আছিল মহিলা গৰাকী ৷
ৰাজধানী দিল্লীত গ্ৰেপ্তাৰ কৰা হয় বৌদ্ধ সন্ন্যাসীৰ বেশত থকা চীনা মহিলা গৰাকীক ৷ মহিলাগৰাকীৰ বিৰুদ্ধে চোৰাংচোৱা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে ৷
মহিলাগৰাকীয়ে উত্তৰ দিল্লীৰ মজনু কা তিলা অঞ্চলৰ এটা তিব্বতীয় শৰণাৰ্থী শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছিল ৷ মহিলা গৰাকীয়ে নিজকে নেপালৰ কাঠমাণ্ডুৰ বুলি পৰিচয় দিছে ৷ বিদেশ আঞ্চলিক পঞ্জীয়ন বিষয়াৰ সূত্ৰৰ দাবী অনুসৰি এই মহিলা গৰাকীৰ নাম কাই ৰুও ৷ ২০১৯ চনত চীনা পাছপৰ্টত ভাৰতলৈ আহিছিল মহিলাগাৰাকী ৷
আনহাতে পৰিচয় পত্ৰত মহিলা গৰাকীৰ নাম ডলমা লামা বুলি আছে ৷ দিল্লী আৰক্ষীয়ে এই মহিলা গৰাকীয়ে ভুৱা নামেৰে ভাৰতত আছিল বুলি মন্তব্য কৰিছে ৷ সম্প্ৰতি দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি , ৪১৯ , ৪২০ আৰ ৪৬৭ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷