Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়গৌতম আদানিৰ ভাতৃৰ সম্পত্তি কিমান জানেনে ?

গৌতম আদানিৰ ভাতৃৰ সম্পত্তি কিমান জানেনে ?

ডিজিটেল ডেস্ক, ANEWS24X7: আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি বিশ্বৰ ধনাঢ্য ব্যক্তিৰ অন্যতম এজন ৷ বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি গৌতম আদানি ৷ যোৱা এবছৰত দুগুণতকৈ অধিক বৃদ্ধি পাইছে তেওঁৰ সম্পত্তি ৷ যোৱা এবছৰত তেওঁৰ সম্পত্তি প্ৰতিদিনে ১,৬১২ কোটি টকাকৈ বৃদ্ধি পাইছে ৷ ২০২২ বৰ্ষত আদানি গ্ৰুপৰ শ্বেয়াৰ মূল্য বৃদ্ধি পোৱাৰ ফলত গৌতম আদানিৰ সম্পত্তি ১১৬ শতাংশলৈ বৃদ্ধি পাইছে ৷ বিগত বৰ্ষত আদানি গ্ৰুপৰ সম্পত্তিত অতিৰিক্ত ৫,৮৮,৫০০ কোটি টকা যোগ হৈছে ৷ বৰ্তমান ১০,৯৪,৪০০ কোটি টকাৰ সম্পত্তিৰ সৈতে দেশৰ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত আছে গৌতম আদানি ৷

বিগত পাঁচ বছৰ গৌতম আদানিৰ সম্পত্তি ১,৪৪০ শতাংশ বৃদ্ধি পাইছে ৷ যোৱা কেইটামান বছৰত আদানি গ্ৰুপৰ সাতটা ৰাজহুৱা ব্যৱসায়ৰ কোম্পানীৰ বজাৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে ৷ যাৰ ফলত ২০১৮ বৰ্ষত অষ্টম স্থানত থকা গৌতম আদানি বৰ্তমান দেশৰ ধনী ব্যক্তিৰ তালিকাৰ প্ৰথম স্থানত আছে ৷যোৱা পাঁচটা বছৰত দেশৰ কেইবাজনো উদ্যোগপতিৰ সম্পত্তি অভূতপূৰ্ব গতিত বৃদ্ধি পাইছে ৷ কেৱল গৌতম আদানিয়ে নহয় আদানি পৰিয়ালৰ বহু জনৰ সম্পত্তিত বৃহৎ পৰিবৰ্তন হৈছে ।ধনাঢ্যৰ তালিকাত কেৱল গৌতম আদানিয়ে নহয় তেওঁৰ ভাতৃ বিনোদ শান্তিলাল আদানিৰ নামো আছে ৷

ডুবাইস্থিত বিনোদ শান্তিলাল আদানি বৰ্তমান দেশৰ ষষ্ঠজন ধনী ব্যক্তি ৷ বিনোদ আদানিৰ মুঠ সম্পত্তি ১,৬৯,০০০ কোটি টকা ৷ যোৱা ৫ টা বছৰত ৯.৫ বাৰলৈ বৃদ্ধি পাইছে বিনোদ আদানিৰ সম্পত্তি ৷ ২০১৮ বৰ্ষত দেশৰ ৪৯ তম স্থানত থকা বিনোদ আদানি বৰ্তমান দেশৰ ষষ্ঠজন ধনী ব্যক্তি ৷ বৰ্তমান তেওঁৰ সম্পত্তি ২৮ শতাংশলৈ অৰ্থাত ৩৬,৯৬৯ কোটি টকা বৃদ্ধি পাইছে ৷

২০২১ চনৰ পৰা গৌতম আদানিৰ সম্পত্তি প্ৰতিদিনে ১০২ কোটি টকাকে বৃদ্ধি পাইছে ৷ আইআইএফএল ৱেলথ হুৰুন ইণ্ডিয়াৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments