ডিজিটেল ডেস্ক, ANEWS24X7: পিষ্টল সহ মৰিয়নীত আটক দুজন নগা লোক৷ তিনিচুকীয়াৰ লেখাপানীস্থিত অসম ৰাইফলচৰ এটা দলে মৰিয়নী আৰক্ষীৰ সহযোগত মৰিয়নীৰ আডিআনু হোটেলৰ পৰা আটক কৰে নগা ব্যক্তি কেইজনক ৷
অবৈধ মাৰণাস্ত্ৰ বিক্ৰিৰ বাবে আহিছিল নগা ব্যক্তি কেইজনে ৷ আৰক্ষী আৰু সেনাবাহিনীয়ে আটক কৰা নগা লোক দুজন নাগালেণ্ড মোককচাং জিলাৰ মানেন আও আৰু লানু ৱাপাং বুলি জানিব পৰা গৈছে ।
ইয়াৰে মানেন আও নগালেণ্ডৰ মন জিলাৰ স্বাস্থ্য বিভাগৰ কৰ্মী ৷ নগালোক কেইজনৰ পৰা আৰক্ষী আৰু সেনাবাহিনীয়ে এটা 9MM পিষ্টল জব্দ কৰে ।