ডিজিটেল ডেস্ক, ANEWS24X7: সমগ্ৰ দেশ জুৰি পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ অভিযান । বৃহস্পতিবাৰে এনআইএ দেশৰ ১০ খন ৰাজ্যত অভিযান চলায় ১০০ জনৰো অধিক পিএফআই সদস্যক গ্ৰেপ্তাৰ কৰে ৷
এনআইএ কেৰালাৰ ২২ জন , মধ্য প্ৰদেশ আৰু কৰ্ণাটকৰ ২০ জন, অন্ধ্ৰপ্ৰদেশৰ ৫ জন, অসমৰ ৯ জন, দিল্লীৰ ৩ জন, মধ্য প্ৰদেশৰ ৪ জন, পডুচেৰীৰ ৩ জন, তামিলনাডুৰ ১০ জন, উত্তৰ প্ৰদেশৰ ৮ জন আৰু ৰাজস্থানৰ ২ জন পিএফআই সদস্যক গ্ৰেপ্তাৰ কৰে ৷

সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰা, প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা আৰু উগ্ৰপন্থী গোটত যোগদান কৰিবলৈ উৎসাহিত কৰাৰ অভিযোগত জড়িত সকলৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে । ইয়াৰ পূৰ্বে ১৮ ছেপ্টেম্বৰত এনআইএ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগনাৰ ২৪ টা স্থানত তালাচী চলাই বহু আপত্তিজনক তথ্য জব্দ কৰিছিল ৷ এনআইএৰ অভিযোগ অনুসৰি পিএফআইএ কৰাটে প্ৰশিক্ষণ দিয়াৰ নামত সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ দি আহিছিল ৷
গৃহ মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি দেশৰ প্ৰায় ৫০ টা স্থানত পিএফআইৰ বিৰুদ্ধে এনআইএ অভিযান চলাইছে ৷ এই অভিযানত গ্ৰেপ্তাৰ হৈছে পিএফআইৰ অধ্যক্ষ অম চলাম ৷ বৰ্তমানেও পিএফআইৰ নেতা কৰ্মীৰ ঘৰত চলি আছে অভিযান ৷ উল্লেখ্য যে পিএফআইৰ বিৰুদ্ধে বিভিন্ন সময়ত ৰাষ্ট্ৰ বিৰোধী কাম কাজ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।
