মেষ ৰাশি ফলাফল –
আজি আপুুনি বহুত ভাবুক হৈ পৰিব সেইবাবে এনেকুৱা পৰিস্থিতিৰ পৰা আতৰি ফুৰক যাৰ ফলত আপুনি দুখ পাব পাৰে। বেংকৰ লগত জড়িত লেন দেন সমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। সন্ধিয়াৰ সময়খিনি বন্ধুৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আটাইতকৈ ভাল সময় ,লগতে অৱসৰৰ দিনকেটাৰ বাবে কিছু যোজনাও বনিব পাৰে। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। আপোনাৰ কষ্ট আৰু একাগ্ৰতা আপোনাৰ হৈ আজি কব আৰু অন্যৰ বিশ্বাস আৰু সহযোগ লাভ কৰিব। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে ,যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এই ক্থা ভাবোতে নষ্ট কৰিব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়।
বৃষ ৰাশি ফলাফল –
আজি আপোনাৰ আত্ম-বিশ্বাস আৰু উৰ্জাৰ স্তৰ বাঢ়িব। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে সিহতঁৰ আজি লোকচান হব পাৰে । সময় থাকোঁতেই যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবেই ভাল। সন্তানক আপোনাৰ উদাৰ ভাৱৰ অনাহকত লাভ উঠাব নিদিব। ৰোমাাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। নতুন পৰিযোজনা সমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক ,এনেকৈ শুনিলে আপুনি আজি নিশ্চিত ভাৱে লাভ্ৰ মুখ দেখিবলৈ পাব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোতঁত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিন সমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভ বোৰ আকৌ ৰোমন্থন কৰিব পাৰিব।
মিথুন ৰাশি ফলাফল –
পৰিয়ালত চিকিৎসাৰ খৰচ বাঢ়ি যোৱাটোক আপুনি নেদেখাৰ ভাও জুৰিব নোৱাৰে। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভূগিছে কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। ঘৰুৱা বিষয় সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয় টো গুৰ্ত্ব দিয়ে যেন। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। কাম-কাজৰ বিষয় সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰিব। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। আপুনি বভাৱে নেকি বিয়া অকল এটা চুক্তি ? যদি আপুনি হয় বুলি ভাৱে ,তেন্তে আজি আপুনি প্ৰকৃততা অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল।
কৰ্কট ৰাশি ফলাফল –
আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। যি আপোনাৰ পৰিয়ালৰ মানুহবোৰক বিবুধিত পেলাই দিব পাৰে। সেইবোৰ লোক ভাগ্যৱান হয় যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে,ইয়াৰ আগত যাতে আপোনাৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহব কাৰণ ঘৰৰ কোনোবা ডাঙৰ জনে আপোনাক পইচা দিব পাৰে। জীৱন সংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে -এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব।
সিংহ ৰাশি ফলাফল –
ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক ,যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। আপোনাৰ কাম আজি পিছ পৰি থাকিব ,যেতিয়া আপুনি আৰাম অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। নতুন পৰিযোজনা সমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুছি যাব । আপুনি অকলে তো থাকিব কিন্তু মন শান্ত নহব , মনত আজি বহুত চিন্তা অগা-ডেৱা কৰি থাকিব। জীৱন সংগীৰ স্বাস্থ্যৰ লগত আপুনি আজি চিন্তিত হৈ থাকিব।
কন্যা ৰাশি ফলাফল –
বহুত বেছি মানসিক হেচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হব পাৰে।। স্বাস্থ্যক ভাল ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। আপোনাৰ জীৱন সংগীৰ উপলব্ধিক প্ৰশংসা কৰক আৰু তাৰ সফলতা আৰু ভাগ্যৰ পূৰ্ণ উৎসৱ পালন কৰাওক । উদাৰ হওক আৰু সৎ হওক। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়! যদি আপুনি এদিনৰ বাবে ছুটী লব বিচাৰে তেন্তে চিন্তা নকৰিব ! আপোনাৰ অনুপস্থিতিত সকলো কাম ভাল ভাৱে চলিব আৰু যদি হঠাত কিব অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱন সংগীৰ লগত আত্মীয়তা বোধ এটাৰ অনুভৱ কৰিব।
তুলা ৰাশি ফলাফল –
ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আপোনাৰ পূৰণী বেমাৰ এটাই আজি উক দিব পাৰে যাৰ ফলত আপুনি চিকিৎসালয় লৈ যাব লগাত পৰিব পাৰে আৰু আপোনাৰ বহুত ধন খৰচ হব পাৰে। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আহিব পাৰে , আপুনি অকল সতৰ্ক থকাৰ হে প্ৰয়োজন কাৰণ কোন কেতিয়া আহিব আপুনি নাজনিবও পাৰে। আপুনি আজিি গম পাব যে বহুত দিনৰ পৰা বহি থকা বহুত সৰু সৰু কাম ,কিন্তু গুৰুত্ব পূৰ্ণ কাম আজি আপুনি সম্পূৰ্ণ কৰাত সফল হব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। আজি আপুনি এনেেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে , যিমান দূৰ সম্ভৱ এইবোৰ কথাক গুৰুত্বসহকাৰে নলব।
বৃশ্চিক ৰাশি ফলাফল –
কিছুুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিত ভাৱে আকৰ্ষণীয় কৰি তুলিব। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে এই বিশয়ত গুৰুত্ব দিব। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱন সংগীক হতাশ কৰিব পাৰে। আপোনাৰ চকুুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। কাৰ্য ক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক।যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। সময় বৰ্বাদ কৰা ভাল কথা নহয়। আপোনাৰ জীৱনলগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব।
ধনু ৰাশি ফলাফল –
প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। মা অথবা দেউতাৰ শাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। সন্ধিয়াৰ সময়ত আপোনাৰ ৰ লগত জীৱন সংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। আপোনাৰ ব্যক্তিগত ভাৱনা আৰু গোপনীয় কথা প্ৰিয়জনৰ লগত ভাগ-বটৰা কৰাৰ এয়াই ভাল সময়। ব্যৱসায়িক আলোচনাৰ মাজত কথকী আৰু ভাৱুক নহব ,যদি আপুনি নিজৰ কথাক নিয়ন্ত্ৰণত নাৰাখে তেন্তে আপুনি অতি সহজতে প্ৰতিষ্ঠা ভূমিত মিলাই দিব পাৰে। কাম সোনকলে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হব , ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হব আৰু আপুনিও সতেজ অনুভৱ কৰিব । বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হব।
মকৰ ৰাশি ফলাফল –
আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন লবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব , যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। ঘৰত আৰু ঘৰৰ চাৰিওফালে সৰু-সুৰা পৰিৱৰ্তন কৰিলে আপোনাৰ ঘৰ খন শুৱনি হৈ উঠিব। প্ৰিয়জনক ৰুক্ষভাৱে কথা নক’ব নহ’লে পিছলৈ পৰিতাপ কৰিবলগীয়া হব পাৰে। নতুুন যোজনা সমূহ আকৰ্ষক হব আৰু ভাল আমদানি ৰ এক বাট বুলি পৰিগণিত হব। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। বৈবাহিক জীৱনৰ ফালেদি চাব গলে আজি আপুনি সমস্যাৰ সন্মুখীন হব পাৰে।
কুম্ভ ৰাশি ফলাফল –
নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ’ব পাৰে , যাৰ বাবে আপুনি বহুত বিপদত পৰিব পাৰে। বিশেষকৈ আপোনাৰ খঙত নিয়ন্ত্ৰণ কৰক কাৰণ খঙ একো নহয় অকল অলপ সময়ৰ মানসিক বিকৃতি । ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। বন্ধু আৰু পাৰিয়ালৰ সদস্যৰ লগত সন্ধিয়াৰ বাবে এক জোৰদাৰ আয়োজন কৰিব। অন্যক সুখ দি আপুনি নিজৰ পূৰণি ভুল সমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন । আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালে যাব।
মীন ৰাশি ফলাফল –
আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হব পাৰে । যিমান পাৰে এইবোৰ বস্তুৰ ওপৰত নিৱেশ কৰাৰ পৰা দূৰত থাকক। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। আজি প্ৰেমৰ জুইত লাহে লাহে কিন্তু অনবৰতে জ্বলি থাকিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হব পাৰে।আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্ন্তিও সম্ভৱ। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ লব পাৰে। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবি বোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। বৈবাহিক জীৱনত কঠিন সময় গুছি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব ।