Tuesday, April 28, 2026
Homeঅসমগান্ধী জয়ন্তীৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলক দিলে ভাল খবৰ

গান্ধী জয়ন্তীৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলক দিলে ভাল খবৰ

ডিজিটেল ডেস্ক, ২অক্টোবৰ: পূজাৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনি ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,

‘‘বহুদিনৰ পৰা আমি চেষ্টা কৰি আছিলো যে অসমৰ চৰকাৰী কৰ্মচাৰীসকলে যি medical reimbursement বা চিকিৎসাৰ বাবদ চৰকাৰৰ পৰা যি ধন পাব লাগে, তাৰ ব্যৱস্থাটো যাতে স্বচ্ছ, মসৃন হয় আৰু বিপদৰ সময়ত সহায়ক হয়। চৰকাৰী কৰ্মচাৰীসকলে বহু সময়ত ৰঙাফিটাৰ মেৰপাক সৃষ্টি কৰে বুলি ৰাইজে অভিযোগ কৰে, কিন্তু আটাইতকৈ ৰঙাফিটাৰ মেৰপাকৰ ভুক্তভোগী চৰকাৰী কৰ্মচাৰীসকলহে।”

medical reimbursement আৰু অৱসৰৰ পিছত পেঞ্চন, এই দুটা ব্যৱস্থা চৰকাৰী কৰ্মচাৰীৰ বাবে আটাইতকৈ প্ৰয়োজনীয়, কিন্তু তাক মসৃন কৰিব পৰা নাছিল। নিজেই আটাইতকৈ বেছি কষ্ট ভোগ কৰি আছিল। চৰকাৰী কৰ্মচাৰীয়ে নিজৰ নিজৰ কামখিনি সচিবালয়ত কৰি ল’ব নোৱাৰে। এই অৱস্থাই লোক প্ৰশাসনৰ দুৰ্বলতম দিশটো উদঙাই দিয়ে। যদি চৰকাৰৰ কৰ্মচাৰীয়ে নিজেই ন্যায় নাপায়, সাধাৰণ জনতাক কেনেকৈ ন্যায় প্ৰদান কৰিব।’’

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা প’ৰ্টেল মুকলি কৰা হৈছে। ইয়াৰ প্ৰচাৰ চৰকাৰে নিজেই কৰিব। এই প’ৰ্টেলত চৰকাৰী কৰ্মচাৰীসকলে নাম পঞ্জীয়ন কৰিব লাগিব। ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন আছে, কিন্তু পৰিয়ালৰ নাম সোনকালে পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰিব লাগিব। পঞ্জীয়নৰ পিছত বেমাৰ–আজাৰ হ’লে বিচৰা ধৰণে যিকোনো হাস্পতাললৈ যাব পাৰিব, ৰেফাৰেলৰ প্ৰয়োজন নাই। পোনে পোনে হাস্পতাললৈ যাব পাৰিব। ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া হিচাপত পুঁজি চৰকাৰৰ পৰা পাব। কোনোৱে ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা পুঁজিতকৈ বেছি টকা খৰচ কৰিব খুজিলে তাৰ দায়িত্ব কৰ্মচাৰীজনৰ নিজৰ। কিন্তু ভাৰত চৰকাৰে যিমান ৰিম্বাৰ্ছমেণ্ট কৰে, আমিও আমাৰ কৰ্মচাৰীক সিমান টকা ৰিম্বাৰ্ছমেণ্ট কৰিম।

হাস্পতালৰ পৰা ওলাই আহি কৰ্মচাৰীজনে প’ৰ্টেলত ক্লেইম কৰিব লাগিব। কোনো কাৰ্যালয়লৈ যাব নালাগে। হাস্পতালত থকাৰ সময় দীঘলীয়া হ’লে পাৰ্ট পেমেণ্টৰ ক্লেইমো কৰিব পাৰিব। সেই টকা হাস্পতাললৈ পোনে পোনে প্ৰেৰণ কৰা হ’ব। ডাঙৰ ছাৰ্জাৰীৰ ক্ষেত্ৰত এডভাঞ্চ পেমেণ্ট লাগিলে প’ৰ্টেলৰ জৰিয়তে ক্লেইম কৰিব পাৰিব। কিন্তু নিজেই চিকিৎসা কৰি ওলাই আহিলে কৰ্মচাৰীৰ একাউণ্টত দিয়া হ’ব ধন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments