জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যত আৰম্ভ হৈছে আন্দোলনI ইতিমধ্যেই জুবিন ক্ষেত্ৰ, চচল, মন্ত্ৰী আৱাসৰ সন্মুখত হৈ গৈছে কেইবাটাও আন্দোলনI এই আন্দোলনক লৈ আজি সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
‘‘আন্দোলনৰ নামত এটা চামে টাৰ্গেট কৰি লৈছে মোৰ ঘৰখনI মোৰ ঘৰৰ সন্মুখত আহি আজিকালি প্ৰতিবাদ কৰেI কিন্তু মোৰ ঘৰৰ সমুখত প্ৰতিবাদ কৰিলে কি হ’ব, মোৰ পত্নী, ল’ৰা-ছোৱালীয়ে কি কিবা কৰিব পাৰিব নেকি? মইতো দিনটো ঘৰত নাথাকোঁ, তেওঁলোকহে থাকেI এই প্ৰতিবাদৰ লক্ষ্য কি, প্ৰতিবাদৰ মাজতে মোৰ ঘৰলৈ কোনোবাই শিল মাৰি ঘৰ ভাঙি দিয়া নেকি? এনেকুৱা ঘটনা হৈ যাব পাৰে, কাৰণ আমাৰ কিমান শত্ৰু আছে বাংলাদেশ, পাকিস্তানৰ। যদি ইয়াৰ মাজত তেনেকুৱা কোনোবা সোমাই লয় তেতিয়া? কেৱল মোৰ ঘৰ বুলি নহয়, কোনোবা মন্ত্ৰী ওলাই গ’লেই এতিয়া আন্দোলন কৰে, এইয়া কি গণতন্ত্ৰ নেকি? সিদিনা দুগৰাকী মন্ত্ৰী পত্নী ঘৰত সোমাব পৰা নাই আন্দোলনৰ কাৰণেI গতিকে মোৰ এটাই কথা, মোৰ ঘৰত আন্দোলন নহয়, দম আছে যদি ছুপ্ৰিম ক’ৰ্টত গৈ বিৰোধ কৰক।’’
মুখ্যমন্ত্ৰীৰ আহ্বান, জুবিনৰ অসমখনত অশান্তি বিয়পিব নিদিব, জুবিনেও অশান্তি ভাল পোৱা নাছিলI আনকি এতিয়া যদি জুবিনৰ নাম লৈ মোৰ ঘৰত আন্দোলন হৈছে বুলি জুবিনে ওপৰৰ পৰা শুনি থাকে, তেন্তে জুবিনেও বেয়া পাব।
