ডিজিটেল ডেস্ক,২৫ ছেপ্তেম্বৰ: কেৰেলাত প্ৰভুভক্ত কুকুৰৰ চমকপ্ৰদ ।খাকী পোছাক পৰিধান কৰা লোকক দেখিলেই আক্ৰমন কৰা প্ৰশিক্ষণ ।দেওবাৰে নিশা কোট্টায়ম আৰক্ষীৰ এণ্টি-নাৰ্কটিক্স স্কোয়াডে পৰিকল্পিতভাৱে ড্ৰাগছ ব্যৱসায়ী বুলি সন্দেহ কৰা এজন লোকৰ ঘৰত অনুসন্ধান চলাঁওতে কুকুৰৰ লগত মুখামুখী সংৰ্ঘষ হব লগীয়া হয় ।যাৰ ফলত কেনিনৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ মনোনিৱেশ কৰা আৰক্ষীৰ পৰাও অভিযুক্তসকলে পলায়ন কৰিবলৈ সক্ষম হয় ।সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কোট্টাইমৰ এছ পি কে কাৰ্থিক আই পি এছে কয় যে “আমি আশা কৰা নাছিলো ইয়াত ইমান কুকুৰ থাকিব আৰু হিংস্ৰ হ’ব।
গতিকে, আমি প্ৰথম অৱস্থাত সঠিক তালাচী চলাবলৈ অসুবিধাৰ সন্মুখীন হৈছিলো। সৌভাগ্যক্ৰমে কোনো এজন বিষয়া আহত নহল।অভিযুক্তই কুকুৰক খাকী দেখাৰ লগে লগে কামোৰাৰ প্ৰশিক্ষণ দিছিল। বিএছএফৰ পৰা অৱসৰ লোৱা এজন ব্যক্তিয়ে তেওঁ কুকুৰক প্ৰশিক্ষণ দিছিল খাকী পিন্ধা কাৰোবাক দেখিলে কেনেকৈ কামোৰিব লাগে,” ।জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে লগতে কয় যে অভিযুক্তই কুকুৰ প্ৰশিক্ষকৰ আৱৰণত ড্ৰাগছ বিক্ৰী কৰিছিল আৰু সেই স্থানৰ পৰা ১৭ কিলোগ্ৰামৰো অধিক গাঞ্জা জব্দ কৰাত স্পষ্ট হৈ পৰিছে।
“আমাৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি তেওঁ (অভিযুক্ত) ইয়াত ভাড়াত বাস কৰিছিল আৰু অঞ্চলটোৰ সকলোৱে কুকুৰ প্ৰশিক্ষক হিচাপে চিনি পাইছিল। সেয়েহে মানুহে নিজৰ কুকুৰবোৰ তেওঁৰ লগত এৰি থৈ গৈছিল, প্ৰতিদিনে ১০০০ টকা হাৰত ” বৰ্তমান তাত প্ৰায় ১৩টা কুকুৰ উপস্থিত আছিল আৰু মালিকক চিনাক্ত কৰাৰ পিছত কেনিনবোৰ তেওঁলোকৰ হাতত গতাই দিয়া হ’য়।লগতে এই গোচৰৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে বুলিও তেওঁ কয়।বিষয়াগৰাকীয়ে কয় যে প্ৰথমে অভিযুক্তক ধৰিব লাগিব আৰু তাৰ পিছত জানিব লাগিব যে ৰেকেটৰ লগত আন কোনো লোক জড়িত আছিল নেকি ?আৰক্ষীয়ে লাভ কৰা গোপন তথ্য আৰু তাত চলি থকা সন্দেহজনক কাৰ্যকলাপৰ পৰৱৰ্তী তদন্তৰ ভিত্তিত চৌহদটোৰ চাৰ্চ ৱাৰেণ্ট লাভ কৰাৰ সিদ্ধান্ত লয় বুলিও জানিব দিয়ে ।