Tuesday, March 10, 2026
Homeঅসমহিয়া ঢাকুৰি, ইনাই- বিনাই কান্দিছে আজি লাখ লাখ জুবিন অনুৰাগী

হিয়া ঢাকুৰি, ইনাই- বিনাই কান্দিছে আজি লাখ লাখ জুবিন অনুৰাগী

ইমান মানুহৰ বুকুত বিষাদৰ নদী বোৱাই কেনেকৈ গুচি যাব পাৰা তুমি? সৰুসজাইত এতিয়া মাথোঁ অনুৰাগীৰ ক্ৰন্দন। শেষবাৰলৈ মৰমৰ শিল্পীগৰাকীক এবাৰ চাবলৈ আহিছে অজস্ৰজন।জুবিন গাৰ্গ নোহাৱাকৈ যেন অসমৰ মানচিত্ৰ আধৰুৱা। যেন মুৰৰ ওপৰৰ আকাশ, ভৰিৰ তলৰ মাটি হেৰুৱালে অসমীয়াই।

এতিয়া জুবিন বিহীন জাতিটোক অভিভাবকত্ব দিব কোনে!ক’লেহি তুমি নাই, তুমি নাই’…ৰেম্ব’, টিয়া, ইকু যেন আজি অকলশৰীয়া। শেষৰবাবে বাবে জুবিন গাৰ্গক চাই লৈছে সিঁহতে। মৰমৰ মানুহজনে সিঁহতক কোলাত লোৱা নাই আজি। কোনো মাত মতা নাই। একেথৰে শুই আছে, যেন টোপনিত লালকাল। সিঁহতে কিবা এটা বুজিছে। সেয়ে হয়টো চাই লৈছে শেষবাৰৰ বাবে, জনাইছে শ্ৰদ্ধাঞ্জলি।

মনৰ ভিতৰত এজাক ধুমুহা সিঁহতৰো হয়টো বলি আছে, মাত্ৰ শব্দহে পোৱা নাই প্ৰকাশ কৰিবলৈ…ইফালে কান্দোনত ভাঙি পৰিছে গৰিমা শইকীয়া গাৰ্গ। মনৰ মানুহজনক, প্ৰিয় পুৰুষক বিদায় জনাব পাৰিনে!প্ৰিয়শিল্পীক শেষ দৰ্শনৰ বাবে সৰুসজাই ষ্টেডিয়ামত সোমবাৰেও অভাৱনীয় ভিৰ
প্ৰখৰ ৰ’দ মূৰত লৈ চকুপানী টুকি হাজাৰ হাজাৰ গুণমুগ্ধই ভিৰ কৰিলেহি জুবিন গাৰ্গক অন্তিমবাৰ চোৱাৰ হেঁপাহত
কাইলৈ সোনাপুৰৰ কমাৰকুছিত অসমীয়াৰ বুকুৰ আপোন জুবিন গাৰ্গৰ শেষকৃত্য
দিনে নিশাই চলিছে সোনাপুৰৰ সমাধিস্থলীৰ কাম

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments