Tuesday, March 10, 2026
Homeঅসমসৰস্বতী পূজাৰ দিনা ৰাজ্যত কি ৰূপ ল’ব বতৰে?

সৰস্বতী পূজাৰ দিনা ৰাজ্যত কি ৰূপ ল’ব বতৰে?

কাইলৈ সৰস্বতী পূজা। ৰাজ্যজুৰি চলি বাগদেৱীক আৰাধনাৰ প্ৰস্তুতি।কিন্তু ইয়াৰ মাজতে বহুতৰ চিন্তা, সৰস্বতী পূজাত কি ৰূপ ল’ব বতৰে? সৰস্বতী পূজাৰ দিনা বতৰে দিব নেকি বিধিপথালি। উল্লেখ্য যে ২০২১ বৰ্ষত সৰস্বতী পূজাৰ দিনা বতৰে লৈছিল ভয়াৱহ ৰূপ। ৰাজ্যজুৰি শিল-বৰষুণে লৈছিল ভয়ংকৰ ৰূপ।

বৰঝাৰস্থিতি বতৰ বিজ্ঞান কেন্দ্ৰ ইতিমধ্যে জাৰি কৰিছে সতৰ্কবাণী। শুকুৰবাৰে ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে কিছু পৰিমাণে কুঁৱলী থাকিব।অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি শুকুৰবাৰে ৰাজ্যত বৰষুণৰ কোনো সম্ভাৱনা নাই।

সৰস্বতী পূজাৰ দিনটো ৰাজ্যত নহয় বৰষুণ। ফৰকাল হৈ থাকিব অসমৰ আকাশ। সৰস্বতী পূজাৰ প্ৰাকক্ষণত এয়া সকলোৰে বাবে এক আশাৰ খবৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments