আজি অনুষ্ঠিত হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ জামিন আবেদনৰ শুনানি। কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হ’ব জামিন আবেদনৰ শুনানি।৫ অভিযুক্তই জামিন বিচাৰি আদালতত দাখিল কৰিছিল আবেদন। শ্যামকানু, অমৃতপ্ৰভাই জামিন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল। একেদৰে জুবিনৰ ভাতৃ সন্দীপন গাৰ্গেও দাখিল কৰিছিল জামিন আবেদন। অৱশ্যে, শ্যামকানু আৰু সন্দীপনে বৃহস্পতিবাৰে প্ৰত্যাহাৰ কৰে জামিন আবেদন।
জুবিন গাৰ্গৰ ২ দেহৰক্ষীয়েও দাখিল কৰিছে জামিন আবেদন। সন্দীপন গাৰ্গ আৰু ২ দেহৰক্ষীৰ অধিবক্তা ধ্ৰুৱজ্যোতি দাস। অমৃতপ্ৰভাৰ হৈ জ্যেষ্ঠ অধিবক্তা আনন ভূঞাই দাখিল কৰিছিল আবেদন। শ্যামকানুৰ হৈ কলকাতাৰ পৰা জামিন আবেদন দাখিল অধিবক্তাৰ।অভিযুক্তৰ হৈ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে নিযুক্তি দিছিল অধিবক্তা ধ্ৰুৱজ্যোতি দাসক। ৫ অভিযুক্তৰ জামিন নাকচৰ বাবে আদালতত লোক অধিবক্তাই জনাব আবেদন। পৰৱৰ্তী ৩০ জানুৱাৰীত আছে গোচৰটোৰ নিয়মীয়া শুনানি।
ইপিনে, বৃহস্পতিবাৰে সম্পন্ন হয় অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি। পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰো জামিনৰ শুনানি আজি সম্পন্ন হয়। আদালতে ৮দিনলৈ সংৰক্ষিত ৰাখে জামিন আবেদনৰ শুনানি। পৰৱৰ্তী ৩০ জানুৱাৰীত হ’ব জামিন আৱেদনৰ শুনানি। নিয়মীয়া শুনানিৰ দিনটোতে ৩ অভিযুক্তৰ হ’ব জামিনৰ ৰায়।
