পঞ্চভূতত বিলীন অসমৰ সংবাদ ক্ষেত্ৰৰ পথিকৃৎ, ‘পদ্মশ্ৰী’ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ নশ্বৰ দেহ। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বিশিষ্ট সাংবাদিক-সম্পাদকগৰাকীৰ। মুখাগ্নি কৰে জ্যেষ্ঠ কন্যা ববিতা ৰাজখোৱাই।
নৱগ্ৰহ শ্মশানত আছুৰ পতাকাৰে সংগঠনটোৱে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। নৱগ্ৰহত মন্ত্ৰী অজন্তা নেওগে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে বিশিষ্ট সাংবাদিকগৰাকীক। জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকায়ো জনায় শেষ শ্ৰদ্ধা।
দেওবাৰে নিশা মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল প্রফুল্ল গোবিন্দ বৰুৱাই। সোমবাৰে হাস্পতালখনৰ পৰা পোনে পোনে তেওঁৰ নশ্বৰ দেহ নিয়া হয় চানমাৰিস্থিত বাসগৃহলৈ। তাৰ পৰা ‘দি আছাম ট্ৰিবিউন’ৰ কাৰ্যালয়লৈও নিয়া হয় নশ্বৰ দেহ।।
প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত সোমবাৰে শোকপ্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সংবাদ জগতলৈ প্ৰবীণ সাংবাদিকগৰাকীয়ে আগবঢ়োৱা অৱদানৰ বাবে প্ৰফুল্ল গোবিন্দ বৰুৱা চিৰস্মৰণীয় হৈ ৰ’ব বুলি মত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
