Wednesday, June 3, 2026
Homeঅসমসোমবাৰে অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি

সোমবাৰে অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি

সোমবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত চাৰ্জশ্বীট দাখিলৰ পাছত কাইলৈ প্ৰথমটো শুনানি অনুষ্ঠিত হ’ব। শুনানিৰ বাবে আদালতলৈ আনিব লাগিব ৭ অভিযুক্তক।

সোমবাৰে পুৱাই ৭ অভিযুক্তক আদালতলৈ লৈ অনাৰ সম্ভাৱনা আছে। হাফলঙৰ পৰা অনা হ’ব শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক। বাক্সাৰ পৰা অনা হ’ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু সান্দীপন গাৰ্গক। জুবিন গাৰ্গৰ PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাকো কাইলৈ হাজিৰ কৰোৱা হ’ব আদালতত। পূৰ্বে ভাৰ্চুৱেলী এই ৭ অভিযুক্তক হাজিৰ কৰোৱা হৈছিল আদালতত। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চার্জশ্বীট ১২ ডিচেম্বৰত আদালতত দাখিল কৰা হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ SDGP তথা SITৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তাই ঘোষণা কৰিছিল। এই গোচৰত প্ৰায় ৩০০ লোকৰ সাক্ষ্য লোৱা হৈছে। চিআইডি থানাত ৰুজু হোৱা ১৯/২৫ নম্বৰৰ দ্বিতীয় গোচৰটোৰ তদন্ত প্রক্রিয়া এতিয়াও অব্যাহত আছে। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা ১০ ডিচেম্বৰৰ পূৰ্বে চূড়ান্ত কৰাৰ বাবে তদন্তকাৰীসকলে দিনে-নিশাই কাম কৰি থকা বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে। বিগত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছত মুন্নাপ্রসাদ গুপ্তাৰ নেতৃত্বত বিশেষ অনুসন্ধানকাৰী দলে ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ সময়তে ১৯ ছেপ্টেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নর্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা অসম আৰক্ষীৰ তদানীন্তন DSP সন্দীপন গার্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল৷ তদন্তকাৰী দলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গকে ধৰি প্ৰায় ৩০০গৰাকী লোকৰ সাক্ষ্য অন্তর্ভুক্ত কৰা হৈছে চার্জশ্বীটত। এই নথিত ফৰেনছিক প্ৰমাণ, ছিংগাপুৰৰ আৰক্ষী আৰু চিকিৎসা কৰ্তৃপক্ষৰ আংশিক প্রতিবেদন, অসমৰ চিকিৎসকৰ আৰু চিকিৎসা কৰ্তৃপক্ষৰ আংশিক প্রতিবেদন আৰু ফেষ্টিভেলটোত উপস্থিত থকা আন লোকৰ সাক্ষ্যও লিপিবদ্ধ কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments