Wednesday, July 9, 2025
Homeআন্তঃৰাষ্ট্ৰীয়কিমাশ্চৰ্যমঃ একেলগে জন্ম দিলে ছটাকৈ সন্তান

কিমাশ্চৰ্যমঃ একেলগে জন্ম দিলে ছটাকৈ সন্তান

নিউজ ডেক্স, ২৫ এপ্ৰিলঃ এগৰাকী মহিলাই একেলগে জন্ম দিলে ছটাকৈ সন্তান। এই ঘটনা সংঘটিত হৈছে পাকিস্তানত। বাতৰি অনুসৰি পাকিস্তানৰ জিনাত ৱাহিদাই যোৱা অলপতে চাৰিজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান জন্ম দিয়ে। এঘণ্টাৰ ভিতৰতে জন্ম দিলে ছটাকৈ সন্তান। এনেদৰে ছটাকৈ পুত্ৰ-কন্যা সন্তান পাই আনন্দত আত্মহাৰা ৱাহিদাৰ পৰিয়াল।

নিশা প্ৰসৱ বেদনাৰ বাবে ৱাহিদাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সন্তানকেইটা জন্ম দিয়াৰ পাছত সম্প্ৰতি চিকিত্সকে মাতৃ আৰু তেওঁৰ সন্তান সকলো সুস্থ বুলি জানিবলৈ দিয়ে। আনহাতে, একেলগে ইমানবোৰ সন্তান জন্ম দিয়াটো অতি বিৰল। চিকিৎসকৰ মতে, ৪৫ লাখৰ ভিতৰত এজন এই ৰোগত আক্ৰান্ত হয়।

অস্ত্ৰোপচাৰৰ সময়ত কেইবাটাও সমস্যাৰ সৃষ্টি হোৱা বুলি চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়ে। ৱাহিদা আৰু তেওঁৰ সন্তানৰ অৱস্থা নিৰীক্ষণৰ বাবে এটা চিকিৎসা দলো গঠন কৰা হৈছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৱাহিদাৰ কিছু শাৰীৰিক সমস্যাও আছে। সেয়ে সম্প্ৰতি তেওঁ চিকিৎসাধীন হৈ আছে। চিকিৎসালয়ৰ অধীক্ষকে শীঘ্ৰে এই সমস্যা সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments