Tuesday, December 24, 2024
Homeআন্তঃৰাষ্ট্ৰীয়সমকামিতাৰ বিৰুদ্ধে ৰাছিয়াত কঠোৰ আইন

সমকামিতাৰ বিৰুদ্ধে ৰাছিয়াত কঠোৰ আইন

ডিজিটেল ডেস্ক, ANEWS24X7: সমকামিতাৰ বিৰুদ্ধে ৰাছিয়াত কঠোৰ আইন ৷এলজিবিটি কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ ৰাছিয়া গৃহীত কৰা হৈছে এই আইন ৷ আইনখন প্ৰযোজ্য হলে ৰাছিয়াত সমকামিতাক সম্পূৰ্ণৰূপে অবৈধ আৰু শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা হ’ব ৷

এই নতুন আইন উলংঘা কৰিলে সৰ্বাধিক ৪ লাখ ৰুবল জৰিমনা আৰু এলজিবিটি কাৰ্যকলাপত নিয়োজিত বিদেশী নাগৰিকৰ বাবে ১৫ দিনৰ কাৰাদণ্ডৰ লগতে ৰাছিয়াৰ পৰা বহিষ্কাৰ কৰা হ’ব । এই সন্দৰ্ভত ৰাছিয়াৰ আইন প্ৰণেতাসকলে সমকামিতাৰ প্ৰচাৰক পশ্চিমীয়া ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে ৷ লগতে কয় যে, ভৱিষ্যত প্ৰজন্মক পশ্চিমীয়া অপসংস্কৃতিৰ পৰা সুৰক্ষিত কৰিবলৈ সমকামী আৰু তেওঁলোকৰ অনুগামীসকলক কঠোৰ হাতেৰে দমন কৰা হ’ব ৷

উল্লেখ্য যে আইনখন ৰূপায়ণৰ বাবে উচ্চ সদন আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ অনুমোদনৰ প্ৰয়োজন হ’ব ৷ অৱশ্যে ৰাষ্ট্ৰপতি পুটিনে সমকামিতাৰ বিৰুদ্ধে পূৰ্বৰ পৰা কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments