Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়পুনৰ আক্ৰমণ ৰাছিয়াৰ ইউক্ৰেইনত

পুনৰ আক্ৰমণ ৰাছিয়াৰ ইউক্ৰেইনত

ডিজিটেল ডেস্ক, ANEWS24X7: এতিয়াও যেন সাম কটা নাই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ । মিছাইল নিক্ষেপ কৰে ৰাছিয়াই কীভ চহৰত । ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত ১১ জন লোক নিহত হোৱাৰ বহু লোক আহত হৈছে।কিয়েভে যুদ্ধ টেংক নিশ্চিত কৰাৰ এদিন পিছতে সমগ্ৰ ইউক্ৰেইনত আক্ৰমণৰ ঢৌ উঠিছে ।

যিটো যুদ্ধত পশ্চিমৰ প্ৰত্যক্ষ জড়িততা বৃদ্ধিৰ চিন বুলি ৰাছিয়াই কয়। ইপিনে আমেৰিকাই আনুষ্ঠানিকভাৱে ৰাছিয়াৰ ৱেগনাৰ গ্ৰুপক “আন্তঃৰাষ্ট্ৰীয় অপৰাধমূলক সংগঠন” হিচাপে নিৰ্ধাৰণ কৰিছে।
ইয়াৰ লগতে জাৰ্মানীয়ে কয় যে অতি কমেও এপ্ৰিল মাহৰ আৰম্ভণিৰ ভিতৰত ইউক্ৰেইনক লিঅ’পাৰ্ড ২ টেংক যোগান ধৰাৰ লক্ষ্য ৰাখিছে।


ৰাছিয়াই স্বতন্ত্ৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে শেহতীয়া কঠোৰ অভিযানত মেডুজা সংবাদ প্ৰতিষ্ঠানটোক “অবাঞ্চিত সংস্থা”বুলি অভিহিত কৰিছে। আনহাতে পূব ইউক্ৰেইনত যুদ্ধ তীব্ৰতৰ হোৱাৰ লগে লগে কিয়েভে অধিক অস্ত্ৰ বিচাৰিছে।

ইপিনে ইউক্ৰেইনে কেইবামাহো ধৰি মিত্ৰ দেশসমূহৰ পৰা আধুনিক টেংকৰ অনুৰোধ জনাই আহিছে যদিও এতিয়ালৈকে কেৱল যুক্তৰাষ্ট্ৰইহে সঁহাৰি জনাইছিল আৰু চেলেঞ্জাৰ ২ টেংকৰ ১৪খন প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

ইউক্ৰেইনে আমেৰিকা, জাৰ্মানী আদিৰ পৰা মুঠতে কিমান টেংক লাভ কৰিব পাৰে সেয়া এতিয়া এক ডাঙৰ বিষয় । বিশেষকৈ বসন্তকালীন আক্ৰমণৰ আশা কৰা ধৰণে ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ শ শ টেংকৰ প্ৰয়োজন বুলি কিয়েভে কেইবাবাৰো কৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments