Wednesday, July 9, 2025
Homeৰাষ্ট্ৰীয়কঠোৰ যান-বাহন আইন , পিছৰ চিটত বহিলেও পৰিধান কৰিব লাগিব চিটবেল্ট

কঠোৰ যান-বাহন আইন , পিছৰ চিটত বহিলেও পৰিধান কৰিব লাগিব চিটবেল্ট

ডিজিটেল ডেস্ক ANEWS24X7: দেওবাৰে দেশৰ এজন প্ৰসিদ্ধ উদ্যোগপতি চাইৰাছ মিস্ত্ৰীৰ এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় ৷ দুৰ্ঘটনাগ্ৰস্ত হোৱা অত্যাধুনিক প্ৰযুক্তি সংযুক্ত বাহনখনত আছিল এনে ধৰণৰ পথ দুৰ্ঘটনাৰ পৰা নিজকে ৰক্ষা কৰিব পৰা ব্যৱস্থা ৷ বাহনখনত আছিল সাত টকৈ এয়াৰ বেগ ৷ ইমানবোৰ সুবিধা থকাৰ পিছতো দুৰ্ঘটনাৰ সময়ত বাহনখনত নুখুলিল এয়াৰ বেগ ৷ ইয়াৰ পিছতে এতিয়া সমগ্ৰ দেশজুৰি চৰ্চা সৃষ্টি হৈছে পথ সুৰক্ষাক লৈ ৷

এনে ঘটনাৰ পিছতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ গাডকাৰীয়ে যান-বাহন আইন আধিক কঠোৰ কৰাৰ ইংগিত প্ৰদান কৰি কয় যে , বাহনৰ পিছৰ চিটত বহি থকা যাত্ৰীসকলেও চিট বেল্ট পৰিধান কৰিব লাগিব। যদিহে কোনোৱে চিটবেল্ট পৰিধান নকৰে তেন্তে জৰিমনা আৰোপ কৰা হ’ব। বৰ্তমান বাহন নিৰ্মাতা প্ৰতিষ্ঠানসমূহে বাহনৰ সন্মুখৰ চিটত চিট বেল্ট পৰিধান নকৰিলে এলাৰ্ম বজাৰ ব্যৱস্থা আছিল যদিও পিছৰ চিটত সেই ব্যৱস্থা নাই।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পিছৰ চিটৰ বাবেও এলাৰ্ম প্ৰণালী বাধ্যতামূলক কৰিবলৈ বাহন নিৰ্মানকাৰী সংস্থা সমূহলৈ পৰামৰ্শ আগবঢ়াইছে । এই সন্দৰ্ভত মঙলবাৰে কে্দ্ৰীয় মন্ত্ৰী জনে কয় যে, ‘‘চৰকাৰে আগন্তুক তিনি দিনৰ ভিতৰত চিটবেল্ট পৰিধান কৰা সম্পৰ্কে এখন জাননী জাৰি কৰিব । জাননীখন জাৰি কৰাৰ পিছতে পিছৰ চিতত বহি যোৱা যাত্ৰী সকলে চিটবেল্ট পৰিধান নকৰিলে জৰিমনা বিহা হ’ব ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments