বাক্সাৰ বৰমাত ভাৰতীয় মহাকাশ সংস্থাৰ সঞ্চালক ড° নীলেশ এম দেশাই।
অচিৰেই ভাৰতীয় মহাকাশ সংস্থাই চন্দ্ৰ লৈ প্ৰেৰণ কৰিব মহাকাশচাৰী।
নাচাত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা শুভাংশু শুক্লা যাব চন্দ্ৰলৈ।
পোন্ধৰ দিনৰ বাবে শুভাংশু শুক্লাক মহাকাশলৈ প্ৰেৰণ কৰিব ইছৰোৱে।
সুনীতা ইউলিয়ামচ যোৱা পথেৰে মহাকাশলৈ যাব শুভাংশু শুক্লা।
এই কথা জানিবলৈ দিছে ভাৰতীয় মহাকাশ সংস্থা চমুকৈ ইছৰোৰ সঞ্চালক ড০ নীলেশ এম দেশায়ে।
বাক্সা জিলাৰ বৰমা ছোৱালী হাইস্কুলত আজি এটি মহাকাশ গৱেষনাগাৰ উদ্বোধন কৰে ইছৰোৰ সঞ্চালক ড০ নীলেশ এম দেশায়ে।
বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থকা কাৰ্যসূচীত ড০ নীলেশ এম দেশায়ে অসম চৰকাৰে নিৰ্মাণ কৰিবলগীয়া চেটেলাইট সন্দৰ্ভত মন্তব্য প্ৰদান কৰে।
চাৰি পাঁচ বছৰৰ ভিতৰত নিৰ্মাণ হব ৰাজ্য চৰকাৰৰ চেটেলাইট।
ছাত্র-ছাত্ৰীসকলক মহাকাশ গবেষণাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ পদক্ষেপ গ্রহণ কৰা বুলি জানিব দিয়ে ইছৰোৰ সঞ্চালক গৰাকীয়ে।
ইফালে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ইছৰোৰ অধীনত সমগ্ৰ বিটিআৰতে দহখন বিদ্যালয়ত মহাকাশ গবেষণাগাৰ স্থাপন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি জানিব দিয়ে।