ডিজিটেল ডেস্ক, ANEWS24X7: আফগানিস্তানৰ ৰাজধানী কাবুলত সংঘটিত হৈছে ভয়ংকৰ আত্মঘাতী বিস্ফোৰণ৷ কাবুলৰ এখন বিদ্যালয়ত শুক্ৰবাৰে পুৱা এক আত্মঘাতী আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ এই আক্ৰমণত ২৭ জন লোক নিহত হোৱাৰ লগতে আন বহুতো লোক আহত হৈছে ৷ মৃত সকলৰ ভিতৰত ১৯ জন শিক্ষাৰ্থী আছিল ৷
এই ঘটনা সন্দৰ্ভত কাবুল আৰক্ষীয়ে কয় যে,‘‘ আত্মঘাতী বিস্ফোৰণটো আফগানৰ ৰাজধানী কাবুলৰ এটা চিয়া অধ্যুষিত অঞ্চলত সংঘটিত হৈছে৷দশত-ই-বাৰ্চি অঞ্চলত এই বিস্ফোৰণটো সংঘটিত হৈছিল।’’ উক্ত অঞ্চলত চিয়া আৰু হাজাৰা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে বাস কৰে।