ডিজিটেল ডেস্ক, ANEWS24X7: জ্ঞানৱাপী মছজিদৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ বাৰাণসী জিলা আদালতৰ ৷ বাৰাণসী জিলা আদালতত জ্ঞানৱাপী মছজিদৰ পৰা উদ্ধাৰ কৰা ‘শিৱলিঙ্গ’ৰ বয়স নিৰ্ধাৰণ কৰিবলৈ বিচৰা দাখিল কৰা আবেদন খাৰিজ কৰাহৈছে ৷

জ্ঞানৱাপী মছজিদৰ পৰা উদ্ধাৰ কৰা শিৱলিঙ্গৰ বয়স জানিবৰ বাবে কাৰ্বন ডেটিং পৰীক্ষাৰ দাবী কৰি আদালতত আবেদন কৰা হৈছিল ৷ উক্ত আবেদন খাৰিজ কৰি বাৰাণসী জিলা আদালতৰ ন্যায়াধীশ অজয় কুমাৰ বিশ্বেশে কয় যে ,‘‘শিৱলিঙ্গৰ অস্তিত্ব জানিবলৈ জ্ঞানৱাপী মছজিদৰ ভিতৰত কোনো বৈজ্ঞানিক তদন্ত কৰিব নোৱাৰি ৷’’
