Monday, April 27, 2026
Homeৰাজনৈতিকত্ৰিপুৰাত ভাৰতীয় জনতা পাৰ্টিৰ আন এক বিপৰ্যয়

ত্ৰিপুৰাত ভাৰতীয় জনতা পাৰ্টিৰ আন এক বিপৰ্যয়

ডিজিটেল ডেস্ক, ANEWS24X7: ত্ৰিপুৰাত সমাগত বিধানসভা নিৰ্বাচন। মাত্ৰ কেইমাহমানৰ পাছতে অনুস্থিত হ’ব ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন। তাৰ প্ৰাকমূহুৰ্তত ত্ৰিপুৰাত ভাৰতীয় জনতা পাৰ্টিয়ে (বিজেপি) সন্মুখীন হৈছে এক বিপৰ্যয়ৰ।

শুকুৰবাৰে ৰাজ্যিক বিধানসভাৰ পৰা পদত্যাগ কৰে ইণ্ডিজেনাছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰাৰ (আইপিএফটি) বিধায়ক ধনঞ্জয় ত্ৰিপুৰাই। আইপিএফটি হৈছে ত্ৰিপুৰাৰ শাসনাধিষ্ঠ এনডিএৰ সহযোগী দল।

ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে ধনঞ্জয় ত্ৰিপুৰাই। বাতৰি অনুসৰি, পদত্যাগ পত্ৰত ‘ব্যক্তিগত কাৰণ’ উল্লেখ কৰিছে ধনঞ্জয় ত্ৰিপুৰাই।

উল্লেখ্য যে, পদত্যাগ পত্ৰ দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে ৰাজকীয় বংশধৰ আৰু টিআইপিআৰএ মোথা দলৰ মুৰব্বী প্ৰদ্যুত কিশোৰ দেব্বাৰ্মা উপস্থিত আছিল।

২০১৮ চনৰ ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত ধলাই জিলাৰ ৰাইমাভেলী সমষ্টিৰ পৰা জয়লাভ কৰিছিল ধনঞ্জয় ত্ৰিপুৰাই। ধলাই জিলাৰ ৰাইমা উপত্যকাক প্ৰতিনিধিত্ব কৰে ধনঞ্জয় ত্ৰিপুৰাই। তেখেতৰ পদত্যাগৰ পিছত আঠৰ পৰা ছয়লৈ হ্ৰাস পাইছে আইপিএফটিৰ শক্তি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments