ডিজিটেল ডেস্ক, ANEWS24X7: জেইই মেইন পৰীক্ষাৰ কম্পিউটাৰ হেক কৰা ৰাছিয়াৰ পেছাদাৰী হেকাৰ মিখাইল শ্বাৰ্গিনক গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা চমুকৈ চিবিআইয়ে ৷
সোমবাৰে কাজাকিস্তানৰ পৰা ভাৰত অহা সময়ত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে হেকাৰ মিখাইল শ্বাৰ্গিনক । মঙলবাৰে চিবিআইয়ে দিল্লীৰ এখন আদালতত হাজিৰ কৰাই মিখাইল শ্বাৰ্গিনক ৷ অভিযান্ত্ৰিকৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত অনলাইন প্ৰণালী হেক কৰি ৮২০ জন লোকক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
মঙলবাৰে আদালতে দুদিনৰ চিবিআই জিম্মালৈ প্ৰেৰণ কৰিছে ২৫ বছৰীয়া মিখাইল শ্বাৰ্গিনক ৷ মিখাইলে হেক কৰাৰ বাবে প্ৰতিজন পৰীক্ষাৰ্থীৰ পৰা ১২ ৰ পৰা ১৫ লাখ টকা সংগ্ৰহ কৰিছিল।চিবিআইৰ অভিযোগ অনুসৰি মিখাইলে পৰীক্ষাৰ্থী সকলৰ পৰা চিকিউৰিটি ডিপজিত হিচাপে দশম আৰু দ্বাদশ মাৰ্কশ্বীট, ব্যৱহাৰৰ আইডি, পাছৱৰ্ড আৰু পিছৰ তাৰিখৰ চেক সংগ্ৰহ কৰিছিল।মিখাইলৰ সহযোগি সকলে পৰীক্ষা কেন্দ্ৰৰ বাহিৰৰ পৰা কম্পিউটাৰ যোগে পৰীক্ষাৰ্থী সকলক সহায় কৰিছিল ।
উল্লেখ্য যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হৈছিল জেইই মেইন পৰীক্ষা । এই পৰীক্ষাত অৱৰ্তীণ হৈছিল প্ৰায় ৯ লাখ পৰীক্ষাৰ্থী । প্ৰথম অৱস্থাত এই পৰীক্ষাত প্ৰৱঞ্চনা কৰাৰ অভিযোগত ২০ জন পৰীক্ষাৰ্থীক তিনিবছৰৰ বাবে বহিস্কাৰ কৰিছিল । এই সন্দৰ্ভত ২৪ জন লোকক গ্ৰেপ্তাৰ কৰিছিল চিবিআইয়ে । এই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে মিখাইল শ্বাৰ্গিনক ।