ডিজিটেল ডেস্ক, ANEWS24X7: গ্ৰিগোৰি ৰাছপুটিন হৈছে এনে এক নাম যি কেলেংকাৰী আৰু পাপৰ সমাৰ্থক হোৱা বুলিলেও অত্যুক্তি কৰা ন’হব। “দ্য মেড মংক” হিচাপে বিতৰ্কিত ব্যক্তিজনে তেওঁৰ ৰহস্যময় শক্তি আৰু ৰাছিয়াৰ ৰাজপৰিয়ালৰ ওপৰত তেওঁৰ প্ৰভাৱৰ বাবে কুখ্যাতি লাভ কৰিছিল। ৰাছপুটিনৰ জীৱন কাহিনী আকৰ্ষণীয় আৰু ভয়ানক, যি ৰাজনৈতিক ষড়যন্ত্ৰ আৰু ধৰ্মীয় গোঁড়ামিৰ কাহিনীৰে পৰিপূৰ্ণ।
১৮৬৯ চনত ৰাছিয়াৰ চাইবেৰিয়াত জন্মগ্ৰহণ কৰা ৰাছপুটিন দৰিদ্ৰতাৰ মাজত ডাঙৰ দীঘল হৈছিল আৰু কম বয়সৰ পৰাই তেওঁ ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি গভীৰ আগ্ৰহ দেখুৱাইছিল। তেওঁ যৌৱনৰ বেছিভাগ সময় বিভিন্ন ধৰ্ম্মীয় সম্প্ৰদায়ৰ সৈতে ভ্ৰমণ আৰু অধ্যয়নত অতিবাহিত কৰি অলৌকিক শক্তি থকা এজন পবিত্ৰ ব্যক্তি হিচাপে খ্যাতি অৰ্জন কৰিছিল। কিন্তু অতি সোনকালেই তেওঁৰ আচৰণে তেওঁৰ সামাজিক ভাৱমূৰ্তী নষ্ট কৰে।
সামাজিক ভাৱমূৰ্তী নষ্ট হোৱাৰ পাছতো ৰাছপুটিনে অতি সোনকালেই ৰাজপৰিয়ালকে ধৰি ৰাছিয়ান সমাজৰ উচ্চ শ্ৰেণীৰ লোকসকলৰ মাজত গুৰুত্ব লাভ কৰে। কোৱা হৈছিল যে তেওঁ ৰাছিয়ান ৰাজকুমাৰ, ৰুছ সম্ৰাট জাৰৰ বিশাল সাম্ৰাজ্যৰ একমাত্ৰ উত্তৰাধিকাৰী জাৰেভিচ আলেক্সি যি হিমোফিলিয়াত ভুগিছিল ৰাছপুটিনৰ স্পৰ্শমাত্ৰৰ পাছতে ৰহস্যজনকভাৱে আৰোগ্য হয়। ৰুছ ৰাজপৰিয়ালে বিশ্বাস কৰিছিল যে ৰাছপুটিনৰ আৰোগ্য কৰাৰ ক্ষমতা ঈশ্বৰৰ প্ৰদত্ত উপহাৰ যাৰ ফলত তেওঁ ৰাজপৰিয়ালৰ নয়নৰ মণি হৈ পৰে।
ৰাছপুটিন এক শক্তিশালী ৰাজনৈতিক শক্তি হৈ পৰিছিল, ৰাজপৰিয়ালৰ ওপৰত তেওঁৰ প্ৰভাৱ ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰিছিল। কোৱা হয় যে তেওঁৰ ৰাজপৰিয়ালৰ সদস্যসহ অসংখ্য মহিলাৰ সৈতে সম্পৰ্ক আছিল। ৰাছপুটিনক লৈ বাঢ়ি অহা বিতৰ্কৰ স্বত্বেও ৰাজপৰিয়ালে তেওঁক সমৰ্থন কৰি আহিছিল। কিন্তু ৰাজপৰিয়ালৰ ওপৰত তেওঁৰ প্ৰভাৱ বহুতো ৰাছিয়ান লোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰে। প্ৰথম বিশ্বযুদ্ধ চলি থকাৰ লগে লগে ৰাজপৰিয়ালৰ ওপৰত ৰাছপুটিনৰ প্ৰভাৱ হ্ৰাস হ’বলৈ ধৰে। তেওঁক হত্যাৰ পৰিকল্পনা জাৰৰ পৰিয়ালে গোপনে কৰিলে ।
১৯১৬ চনৰ ডিচেম্বৰ মাহত ৰাজকুমাৰ ফেলিক্স য়ুচুপভে নিজ পত্নীৰ টোপ দি নিজ প্ৰাসাদলৈ মাতি নিয়ে। যুৱৰাজে ভালদৰেই জানিছিল ৰাছপুটিনৰ নাৰীৰ প্ৰতি থকা দুৰ্বলতাৰ কথা। যুৱৰাজৰ পৰিকল্পনা সফল হয়। ৰাছপুটিনক য়ুচুপভৰ প্ৰাসাদ চাইনাইদযুক্ত বিষাক্ত কেক্ খুৱাই দিয়ে। কিন্তু ৰহস্যজনকভাৱে বিষাক্ত চাইনাইড খাইয়ো মৃত্যুৰ মুখত পৰা নাছিল ৰাছপুটিন। চাইনাইডে কামত নিদিয়াত ৰাজকুমাৰ য়ুচুপভে কেইবাজাঁই গুলিৰে সকাথৰকা কৰে ৰাছপুটিনক। ৰাজকুমাৰৰ বাৰম্বাৰ চেষ্টাৰ পাছতো ৰাছপুটিনৰ মৃত্যু নোহোৱাত তেওঁক বৰফযুক্ত নেভা নদীত প্ৰচণ্ড শীতৰ মাজত উলংগভাৱে পেলাই দিবলৈ বাধ্য হয়। ৰাছপুটিনৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ ফলাফলে সকলোকে আচৰিত কৰিলে। কিয়নো গম পোৱা গ’ল ৰাছপুটিনৰ মৃত্যু চাইনাইড বা বন্দুকৰ গুলিৰ বাবে হোৱা নাছিল, তেওঁৰ মৃত্যু হৈছিল হাঁওফাঁওত পানী জমা হোৱাৰ বাবেহে।
ৰাছপুটিনৰ মৃত্যুৰ পিছত ৰাছিয়ালৈ বিশৃংখলতালৈ নামি আহে, ১৯১৭ চনৰ ৰাছিয়ান বিপ্লৱে ৰাছিয়াৰ ৰাজপৰিয়ালক গাদীচ্যুত কৰে। বহুতে ৰাছপুটিনৰ মৃত্যুক দেশখনৰ পতনৰ আগজাননী হিচাপে দেখিছিল, যি ৰাছিয়াৰ সমাজত শিপোৱা দুৰ্নীতি আৰু নৈতিক অৱক্ষয়ৰ প্ৰতীক।