Tuesday, March 10, 2026
Homeউত্তৰ-পূৱএইবাৰ পদুম ফুলিব মেঘালয়ৰ পাহাৰত

এইবাৰ পদুম ফুলিব মেঘালয়ৰ পাহাৰত

ডিজিটেল ডেস্ক, ANEWS24X7: ২০২৪ৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকক্ষণত উত্তৰ পূৱৰ লগতে দেশৰ বহুকেইখন সৰু-বৰ ৰাজ্য সাজু বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে৷ নিৰ্বাচনী যুঁজত এঘৰি যুঁজিবলৈ কঁকালত টঙালি বান্ধিছে শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ তৃণমূল কৰ্মীৰ পৰা ৰাষ্ট্ৰীয় নেতৃত্বই৷ মেঘালয়ৰ আগন্তুক নিৰ্বাচনত নিজ দল সমৰ্থিত প্ৰাৰ্থীৰ মনোবল বৃদ্ধি কৰিবলৈ আৰু জনতাৰ মাজত বিজেপি প্ৰাৰ্থীৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিবলৈ এইবাৰ ৰণত নিজেই নামিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ভাল প্ৰদৰ্শন আগবঢ়াব বুলি বিশ্বাস ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে “এইবাৰ মেঘালয়ত পদুম ফুলিব”। তেওঁ লগতে দাবী কৰে যে মেঘালয়ৰ জনসাধাৰণৰ মনোভাৱ আৰু অনুভূতি বিজেপিৰ প্ৰতি তেওঁলোকৰ মৰম আৰু সমৰ্থনৰ প্ৰতিফলন। শ্বিলঙৰ খিন্দিলাদত এক ৰেলীসম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “যদি মেঘালয়ত বিজেপি চৰকাৰ গঠন হয়, তেন্তে ৰাজ্যখনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাটো মোৰ বাবে সহজ হ’ব।”

উল্লেখযোগ্য যে যোৱা ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত হয়৷ ত্ৰিপুৰাৰ শাসনাধিষ্ঠিত বিজেপিয়ে সাম্ভাব্য প্ৰতিষ্ঠান বিৰোধী ঢৌ প্ৰতিহত কৰিবলৈ মুখ্যমন্ত্ৰী সলনি কৰি মাণিক সাহাক ত্ৰিপুৰাৰ ১১ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰে৷ অহা ২৭ ফেব্ৰুৱাৰীত উত্তৰ পূৰ্বাঞ্চলৰ দুখন অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্য নাগালেণ্ড আৰু মেঘালয়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ হ’বলৈ গৈ আছে৷ ৰাজ্য দুখন ক্ৰমে মেঘালয়ত বিজেপি মিত্ৰযোঁটৰ কনৰাড চাংমা আৰু নাগালেণ্ডত নেফিঅ’ ৰিঅ’ৰ চৰকাৰ চলি আছে৷ দুয়োখন ৰাজ্যতে শাসক বিৰোধীৰ গাদী দখলৰ যুঁজে চূড়ান্ত পৰ্যায় পাইছে৷

প্ৰধানমন্ত্ৰী মোদীৰ জনসভাই গেৰুৱা শিবিৰক উত্তৰ-পূৱ বিজয়ৰ পথ প্ৰশস্ত কৰাত কিমান সহায়ক হয়, অনাগত দিনকেইটাত সেয়া হ’ব লক্ষণীয়

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments