ডিজিটেল ডেস্ক, ANEWS24X7: গুৱাহাটীৰ ভূমিস্বত্ব আন্দোলনত আত্মজাহ যোৱা শ্বহীদ প্ৰণৱ বড়োৰ আত্মবলিদানৰ ৯টা বছৰ বাগৰি গ’ল৷ সলনি হ’ল চৰকাৰ, পৰিৱৰ্তন হ’ল দিশপুৰৰ ৰজাঘৰীয়া, কিন্তু মাটিৰ পট্টা লাভৰ পৰা বঞ্চিত মানুহবোৰৰ দাবী আৰু শ্লোগানবোৰহে যেন দাবী-শ্লোগানতে ৰৈ গ’ল৷ আজি গুৱাহাটীৰ চচলৰ নিৰ্ধাৰিত ধৰ্ণাক্ষেত্ৰত ভূমিৰ অধিকাৰৰ দাবীৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই এই কথাকে ব্যক্ত কৰিলে৷ শ্বহীদ প্ৰণৱ বড়োৰ আত্মবলিদান সোঁৱৰি বীৰোচিত মৰ্য্যদাৰে সংগঠনটোৱে মনত পেলালে৷
পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ ভাজপা চৰকাৰৰ আমোলত খিলঞ্জীয়া ভূমিপুত্ৰক বঞ্চনা কৰি বহিৰাগতক সম্পদ গটাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে কৃষক মুক্তিৰ নেতৃত্বই৷ পুৱা ১০.৩০ বজাত স্বৰ্গীয় প্ৰণৱ বড়োৰ পত্নী পূৰ্ণিমা বড়ো, কৃষক মুক্তিৰ সভাপতি দেৱেন শৰ্মা আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সভানেত্ৰী বিমলা গগৈয়ে শ্বহীদ তৰ্পন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰে৷ প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা ধৈৰ্য কোঁৱৰ, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াকে ধৰি বহুসংখ্যক নেতা-কৰ্মী৷
কৃষক মুক্তিৰ নেতৃত্বই ২০১১ চনৰ পৰা ধাৰাবাহিক আন্দোলনৰ দোহাই দি কয়, ২০১১ চনৰ ২২ জুনত সংগঠনৰ ২২ গৰাকীকৈ সদস্যই প্ৰাণ দিয়াৰ পাছত ডাঃ ভূমিধৰ বৰ্মণৰ অধ্যক্ষতাত এখন কমিতি গঠন হয়, কিন্তু এই কমিতিয়ে গুৱাহাটীৰ থলুৱা লোকক ভূমি লাভৰ ক্ষেত্ৰত পৰ্য্যাপ্ত ব্যৱস্থা ন’কৰিলে৷
তদ্ৰুপ ধৰণে বৰ্তমানৰ শাসকীয় পক্ষৰ তৰফৰ পৰাও বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো গুৰুূত্বপূৰ্ণ বিষয়টো সমাধান নকৰাৰ অভিযোগ সংগঠনটোৰ তৰফৰ পৰা উত্থাপন কৰা দেখিবলৈ পোৱা যায়৷ বিপৰিতে খিলঞ্জীয়া জনজাতীয় লোক সকলক বঞ্চনা কৰি বৃহৎ পূঁজিপতি বণিকগোষ্ঠীক অসমৰ উৰ্বৰা মাটি দিয়াৰ ষড়যন্ত্ৰহে চৰকাৰে কৰিছে বুলি উত্তৰ-পূৱৰ সৰ্ববৃহৎ কৃষক সংগঠনটোৰ নেতৃত্বই উল্লেখ কৰে৷
